NORTHEAST NOW (Assamese)

এন আৰ চিক সম্পূৰ্ণ ভুৱা আৰু প্ৰৱঞ্চনাৰ দলিল আখ্যা বিধায়ক শিলাদিত্য দেবৰ

August 12, 2019 10:35 pm · শান্তনু শইকীয়া
Updated: August 12, 2019 10:37 pm
শিলাদিত্য দেবৰ ফাইল ফটো : নৰ্থইষ্ট নাও

‘এন আৰ চি সম্পূৰ্ণ ভুৱা আৰু প্ৰৱঞ্চনাৰ দলিল’ আখ্যা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবৰ। প্ৰায়ে বিতৰ্কৰ শীৰ্ষত থকা বিধায়কগৰাকীয়ে আজি তামোলপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

তামুলপুৰৰ ভূটান সীমান্তত পুৰ্ণ বাহাদুৰ ছেত্ৰী নামৰ এগৰাকী মুক্তিযোদ্ধাৰ পৰিয়ালৰ এন আৰ চিত নাম নথকা বুলি অভিযোগ কৰি তেওঁ কয়, ‘যদি এজন মুক্তিযোদ্ধাৰ পৰিয়ালৰ নাম এন আৰ চিত নাই। তেন্তে প্ৰতীক হাজেলা এন আৰ চি সম্পূৰ্ণ ভূৱা আৰু তেওঁৱো এগৰাকী প্ৰৱঞ্চক।‘

প্ৰতীক হাজেলাই এন আৰ চিৰ নামত কেৱল একনায়কত্ববাদ চলাই আহিছে বুলি উল্লেখ কৰি দেবে কয়, ‘এন আৰ চিৰ নামত প্ৰতীক হাজেলাৰ একনায়কত্ব আৰু নচলিব।‘

ইয়াৰ ওপৰি আদালত আৰু প্ৰতীক হাজেলাক উদ্দেশ্যি তেওঁ কয়, ‘আপোনালোকে এন আৰ চিৰ নামত লগোৱা কৰ্মীসকলে ভুৱা ডকুমেন্ট চিনি নাপাই কিন্তু পূৰ্ণ বাহাদুৰ চেত্ৰী যি ভাৰতৰ কাৰনে যুঁজিছিল, যি মুক্তিযোদ্ধা আছিল আজি তেওঁৰ পৰিয়ালৰ নামেই  এন আৰ চিত অহা নাই।‘

আনহাতে তেওঁ দেখুৱাই দিয়া এজন বিদেশীৰ নাম প্ৰতীক হাজেলাই ৰাতিটোৰ ভিতৰতে কৰ্তন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘এইবাৰ পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নামো এন আৰ চিত ৰাতিটোৰ ভিতৰতে কেনেকৈ অন্তভুক্ত কৰিব পাৰে মই চাব বিচাৰিছো।‘

উল্লেখ্য যে এন আৰ চিক লৈ বিধায়ক গৰাকীক বিশেষভাৱে সৰৱ হৈ থকা দেখা যায়। ইয়াৰ আগতেও এন আৰ চিৰ ওপৰত তেওঁ বহু সংবাদমেল পাতি সৰৱ হোৱা দেখা গৈছিল।

Related News