• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়ক আমিনুল ইছলামক পাকিস্তানলৈ পঠিয়াই দিব লাগে : সাংসদ বিজয়া চক্ৰৱৰ্তী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 17, 2019 1:56 pm
806
VIEWS
Share on FacebookShare on Twitter

‘আমিনুল ইছলামক শত্ৰু হিচাপে গণ্য কৰি পাকিস্তানলৈ পঠিয়াই দিয়াৰ একান্ত প্ৰয়োজন।‘ জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত কাৰ্য্যৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আমিনুল ইছলামক কটাক্ষ কৰি এইদৰে কয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। ১৫ ফেব্ৰুৱাৰিত ধিং সমষ্টিৰ বিধায়কজনে কাশ্মীৰৰ ঘটনাটোক লৈ দিয়া এটা বিতৰ্কিত ফেচবুক প’ষ্টৰ প্ৰতিক্ৰিয়াত এইকদৰে কয় বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে।

প’ষ্টটোত ইছলামে কৈছিল ‘পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেনাৰ গুলীয়াগুলী আৰু সদায় ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয়?’

এই সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ সাংসদ চক্ৰৱৰ্তীয়ে কয়, ‘তেনেকুৱা মানুহক ধৰি আনি ৰাস্তাত গোটা বেতৰে কোবাব লাগে যাতে থিয় হ’ব নোৱাৰে।‘

‘আমিনুল ইছলামে এই হত্যাকাণ্ড সংঘটিত কৰিছে নেকি? আমাৰ যি ৪২ জন শ্বহীদ হ’ল ইয়াত বিধায়ক আমিনুল ইছলামৰ হাত আছে নেকি?’ এইদৰেও বিধায়কজনক প্ৰশ্ন কৰে চক্ৰৱৰ্তীয়ে?

ইয়াৰোপৰি, ‘কোনে কৰিছে বুলি তেওঁ ভাবিছে?’ বুলি চক্ৰৱৰ্তীয়ে আমিনুলক লগতে প্ৰশ্ন কৰি কয় যে এনেকুৱা ধৰণৰ মন্তব্য যি কৰিছে তেওঁ বিধায়ক হোৱাৰ যোগ্যতা নাই।

ইপিনে, ভাৰতবৰ্ষত এইটোৱেই এই ধৰণৰ আটাইতকৈ জঘন্যতম সন্ত্ৰাসবাদীৰ ঘটনা বুলিও উল্লেখ কৰে গুৱাহাটীৰ সাংসদগৰাকীয়ে।

চক্ৰৱৰ্তীৰ মতে ‘ভাৰতক যুদ্ধত বলে নোৱাৰি এতিয়া পাকিস্তানে ছায়া যুদ্ধৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিছে।‘

তদুপৰি সাংসদগৰাকীয়ে পাকিস্তানক ‘বিষাক্ত কাঠফুলা’ আৰু ‘বিহ মেটেকা’ৰ সৈতে তুলনা কৰি কয় যে এই বিহ মেটেকাক যদি জীয়াই ৰাখে তেন্তে পৃথিৱীত কেতিয়াও শান্তি নহয়, গতিকে ভাৰতে পাকিস্তানক ধ্বংস কৰি দিব লাগে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ধিং সমষ্টিৰ বিধায়কগৰাকী এই প্ৰশ্নক তীব্ৰ গৰিহণা দিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো।

Recent News

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

দক্ষিণ এছিয়া বডি বিল্ডিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অৰুণাচলৰ হিলাং য়াজিকৰ, গঢ়িলে ইতিহাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd