NORTHEAST NOW (Assamese)

বাগিচা এলেকাত প্ৰৱেশ নিষিদ্ধ : সাংসদ প্ৰদান বৰুৱাৰ জয়ৰ অংকত আটছাই লগালে আউল

March 27, 2019 10:51 am · এন ই নাও নিউজ
Updated: March 27, 2019 11:17 am
সাংসদ প্ৰদান বৰুৱাৰ ফাইল ফটো

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে যদিও সাংসদগৰাকীয়ে এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চাহ জনগোষ্ঠীয় লোকৰ।

বিগত আঢ়ৈটা বছৰে সাংসদ হিচাপে থকা প্ৰদান বৰুৱাই চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কেৱল মাত্ৰ ৩ লাখ টকাহে ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনত প্ৰত্যাখ্যানৰ হুংকাৰ দিছে আটছাই।

ইয়াৰ উপৰি বাগিচাৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ক্ষুন্ন হৈ ডুমডুমা শাখা চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচা এলেকাত সাংসদ বৰুৱাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।

আটছাৰ ডুমডুমা শাখাৰ সম্পাদক ইৰও তাঁতীয়ে কয় যে বিগত দিন সমূহত সাংসদগৰাকীক সাক্ষাৎ কৰি বাগিচাপ্ৰধান এলেকাত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে বহুবাৰ অনুৰোধ জনোৱাৰ পাছতো একো ব্যৱস্থা গ্ৰহণ নকৰিলে। নতুনকৈ শিক্ষা প্ৰতিষ্ঠান স্থাপনটো বাদেই ডুমডুমা সমষ্টিৰ একমাত্ৰ বিজ্ঞান মহাবিদ্যালয়খনকে প্ৰাদেশিকীকৰণ নকৰা বুলিও তাঁতীয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰে।

‘বাগিচা প্ৰধান এলেকাৰ একো উন্নয়ন সাধন নকৰা বৰুৱাই পুনৰ চাহ শ্ৰমিকৰ ভোটেৰে সাংসদ হোৱাৰ মন মেলিছে। কিন্তু এইবাৰ তেওঁৰ এই মনোকামনা পূৰ্ণ হ’বলৈ নিদিও। বাগিচা প্ৰধান অঞ্চলত কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিও’। বৰুৱাৰ ওপৰত খৰ্গহস্ত হৈ থকা আটছাৰ ডুমডুমা শাখাৰ বিষয়ববীয়াই এই মন্তব্য কৰে।

আনহাতে ডুমডুমা শাখা আটছাৰ নেতৃত্বত বাগিচাই বাগিচাই সজাগতা সভা পাতি এইবাৰৰ নিৰ্বাচনত প্ৰদান বৰুৱাক প্ৰত্যাখ্যান কৰাৰ আহ্বান জনাব বুলিও জানিবলৈ দিয়ে।

Related News