• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল ভাৰতৰ অংশ হিচাপে থকা ৩০,০০০ মানচিত্ৰ ধ্বংস কৰিলে চীনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2019 10:31 am

2 min read

arunachal-map-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ। সৌজন্য : গুগল

805
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৈতে বৈৰীতাৰ সম্পৰ্ক অটুট ৰখা প্ৰতিবেশী ৰাষ্ট্ৰ চীনে আৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড হিচাপে কৰি  অহা দীৰ্ঘদিনীয়া দাবীৰ পৰা যে আঁতৰি অহা নাই সেই কথা আকৌ এবাৰ স্পষ্ট কৰি দিছে। এইবাৰ চীনে টাইৱান আৰু ভাৰতৰ অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে সামৰি লোৱা মানচিত্ৰকহে বৈধ বুলি গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে।

বৰ্তমান বিশ্বৰ শক্তিশালী দেশখনৰ শুল্ক বিষয়াসকলে ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু টাইৱানক নিজৰ অংশ হিচাপে নেদেখুওৱা প্ৰায় ৩০ হেজাৰখন বিশ্ব মানচিত্ৰ ধ্বংস কৰি পেলাইছে। চীনৰ মতে অৰুণাচল প্ৰদেশ আৰু টাইৱানক চীনৰ বাহিৰত ৰখা মানচিত্ৰসমূহ শুদ্ধ নহয়। গতিকে এনে মানচিত্ৰসমূহ চিনাক্ত কৰি উলিয়াই শুল্ক বিভাগে দেশকনৰ কিংদাউ প্ৰদেশত ধ্বংস কৰি পেলায়।

চীনৰ চৰকাৰী সংবাদপত্ৰ ‘গ্ল’ৱেল টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি চীনত ছপা কৰা মানচিত্ৰসমূহ জ্বলাই দিয়াৰ লগতে গোলক, চিডি, মানচিত্ৰৰ ছফটৱেৰ আদিও ধ্বংস কৰি পেলোৱা হৈছে।

যোৱা বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত একাধিকবাৰ আলোচনাত মিলিত হোৱা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ প্ৰশাসনে লোৱা এই পদক্ষেপে ভাৰতক স্তম্ভিত কৰি তুলিছে। চীনে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ বুলি পুনৰ দাবী উত্থাপন কৰিছে।

আনহাতে, চীনৰ ‘ডেঝংৱাং’ কুইনদাও’ৰ প্ৰকাশিত বাতৰি মতে চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰ্যালয়ে এখন সংবাদমেলযোগে মানচিত্ৰ ধ্বংসৰ কথাটো সদৰী কৰিছে। মন্ত্ৰ্যালয়ৰ বিষয়াসকলে জানিব দিয়া মতে এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে মুঠতে ৮০৩ বাকচৰ ২৮,৯০৮ খণ্ড এনে মানচিত্ৰ ধ্বংস কৰা হৈছে।

মন্ত্ৰ্যালয়ৰ বিষয়াই লগেত মানচিত্ৰই দেশৰ সাৰ্বভৌমত্বক প্ৰতিফলিত কৰে বুলি ব্যক্ত কৰি চীনে যি কাম কৰিছে সেয়া বৈধ আৰু জৰুৰী আছিল বুলি উল্লেখ কৰে। তদুপৰি, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলিও লগতে স্পষ্ট মন্তব্য আগবঢ়ায়।

Recent News

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান

বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd