• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মালেগাঁও বিস্ফোৰণ গোচৰত শাস্তি বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ মৃত্যুদণ্ড! ৮ মে’ত ঘোষণা কৰা হ’ব ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 7:00 pm
670
VIEWS
Share on FacebookShare on Twitter

এন আই এৰ বিশেষ আদালতত সমাপ্ত হ’ল ২০০৮ চনৰ মালেগাওঁ বিস্ফোৰণ গোচৰৰ শুনানি। ১৯ এপ্ৰিলত শুনানি সমাপ্ত হোৱাৰ পিছত আদালতৰ বিচাৰপীঠে এই গোচৰৰ ৰায়দানৰ দিন সাময়িকভাৱে পিছুৱাই দিয়ে। জানিব পৰা মতে, এই গোচৰৰ ৰায়দান অহা ৮ মে’ত ঘোষণা কৰা হ’ব।

একাধিক সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মালেগাওঁ বিস্ফোৰণ গোচৰৰ মূল অভিযুক্ত বিজেপিৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি আন ছয়জন অভিযুক্তৰ মৃত্যুদণ্ড বিচাৰি আবেদন দাখিল কৰিছে। কিন্তু এই দাবীৰ সমৰ্থনত কোনো নিৰ্ভৰযোগ্য উৎস পোৱা হোৱা নাই।

সংবাদ সংস্থা ইউএনআইয়ে দাবী কৰিছে যে এন আই এ-য়ে প্ৰজ্ঞা ঠাকুৰকে ধৰি ছয়জন অভিযুক্তক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। অৱশ্যে ইয়াত মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰা হৈছে নেকি সেই বিষয়ে কোনো স্পষ্ট উল্লেখ নাই।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত মুম্বাইৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগৰ মালেগাওঁ চহৰৰ মছজিদৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এখন মটৰ চাইকেলত এটা বিস্ফোৰক যন্ত্ৰ সংলগ্ন কৰি এই বিস্ফোৰণ সংঘটিত কৰা হয়। এই বিস্ফোৰণৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হয়। লগতে আহত হয় ১০০ৰো অধিক লোক।

প্ৰথমে এই গোচৰৰ তদন্ত কৰিছিল মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোৱাডে। ইয়াৰ পিছত ২০১১ চনত এই তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছিল।

২০১৬ চনত এন আই এয়ে প্ৰজ্ঞা ঠাকুৰকে ধৰি চাৰিজন অভিযুক্তক ক্লিন চিট দিছিল। কোৱা হৈছিল যে তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। গতিকে তেওঁলোকক গোচৰৰ পৰা ৰেহাই দিয়া উচিত। প্ৰজ্ঞা ঠাকুৰৰ বাহিৰে বাকী তিনিজন হ’ল – শ্যাম সাহু, প্ৰবীণ টকলকী আৰু শিৱনাৰায়ণ কলছংগ্ৰা।

তাৰ পিছত ২০১৮ চনত এন আই এয়ে চাৰ্জশ্বীট তৈয়াৰ কৰে। ন্যায়াধীশ এ কে লোহটিৰ বিচাৰপীঠত প্ৰায় ১৫০০ পৃষ্ঠাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয়। এই অভিযোগনামাত প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি আন ৬জনৰ নাম উল্লেখ কৰা হৈছে। বিস্ফোৰণৰ মূল অভিযুক্ত প্ৰজ্ঞা সিং বিচাৰৰ সন্মুখীন হ’ব লাগিব বুলি এন আই এয়ে প্ৰকাশ কৰে।

অভিযোগনামাত এন আই এয়ে প্ৰজ্ঞা সিং ঠাকুৰ আৰু আন ছয়জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ অধীনত অভিযোগ দাখিল কৰে। অভিযুক্তৰ বিৰুদ্ধে ইউ পি এৰ ধাৰা ১৬ আৰু ১৮ ৰ লগতে দণ্ডবিধিৰ ১২০(বি), ৩০৭ , ৩২৪, ১৫৩(এ)ৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

বৰ্তমান জামিনত আছে প্ৰজ্ঞা সিং। বাকী ছয় অভিযুক্ত হৈছে – কৰ্ণেল প্ৰসাদ পুৰোহিত, অজয় ​​ৰোহিৰকাৰ, মেজৰ ৰমেশ উপাধ্যায়, স্বামী দয়ানন্দ পাণ্ডে, সমীৰ কুলকাৰ্ণী আৰু সুধাকৰ চতুৰ্বেদী।

মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰজ্ঞা ঠাকুৰক থিয় কৰাইছিল। কংগ্ৰেছৰ দিগ্বিজয় সিঙক ৩.৬ লাখ ভোটত পৰাস্ত কৰি মধ্যপ্ৰদেশৰ ভোপাল সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল প্ৰজ্ঞা।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd