• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মালেগাঁও বিস্ফোৰণ গোচৰত শাস্তি বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ মৃত্যুদণ্ড! ৮ মে’ত ঘোষণা কৰা হ’ব ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 7:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আই এৰ বিশেষ আদালতত সমাপ্ত হ’ল ২০০৮ চনৰ মালেগাওঁ বিস্ফোৰণ গোচৰৰ শুনানি। ১৯ এপ্ৰিলত শুনানি সমাপ্ত হোৱাৰ পিছত আদালতৰ বিচাৰপীঠে এই গোচৰৰ ৰায়দানৰ দিন সাময়িকভাৱে পিছুৱাই দিয়ে। জানিব পৰা মতে, এই গোচৰৰ ৰায়দান অহা ৮ মে’ত ঘোষণা কৰা হ’ব।

একাধিক সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মালেগাওঁ বিস্ফোৰণ গোচৰৰ মূল অভিযুক্ত বিজেপিৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি আন ছয়জন অভিযুক্তৰ মৃত্যুদণ্ড বিচাৰি আবেদন দাখিল কৰিছে। কিন্তু এই দাবীৰ সমৰ্থনত কোনো নিৰ্ভৰযোগ্য উৎস পোৱা হোৱা নাই।

Apply Now

সংবাদ সংস্থা ইউএনআইয়ে দাবী কৰিছে যে এন আই এ-য়ে প্ৰজ্ঞা ঠাকুৰকে ধৰি ছয়জন অভিযুক্তক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। অৱশ্যে ইয়াত মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰা হৈছে নেকি সেই বিষয়ে কোনো স্পষ্ট উল্লেখ নাই।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত মুম্বাইৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগৰ মালেগাওঁ চহৰৰ মছজিদৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এখন মটৰ চাইকেলত এটা বিস্ফোৰক যন্ত্ৰ সংলগ্ন কৰি এই বিস্ফোৰণ সংঘটিত কৰা হয়। এই বিস্ফোৰণৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হয়। লগতে আহত হয় ১০০ৰো অধিক লোক।

প্ৰথমে এই গোচৰৰ তদন্ত কৰিছিল মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোৱাডে। ইয়াৰ পিছত ২০১১ চনত এই তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হৈছিল।

২০১৬ চনত এন আই এয়ে প্ৰজ্ঞা ঠাকুৰকে ধৰি চাৰিজন অভিযুক্তক ক্লিন চিট দিছিল। কোৱা হৈছিল যে তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। গতিকে তেওঁলোকক গোচৰৰ পৰা ৰেহাই দিয়া উচিত। প্ৰজ্ঞা ঠাকুৰৰ বাহিৰে বাকী তিনিজন হ’ল – শ্যাম সাহু, প্ৰবীণ টকলকী আৰু শিৱনাৰায়ণ কলছংগ্ৰা।

তাৰ পিছত ২০১৮ চনত এন আই এয়ে চাৰ্জশ্বীট তৈয়াৰ কৰে। ন্যায়াধীশ এ কে লোহটিৰ বিচাৰপীঠত প্ৰায় ১৫০০ পৃষ্ঠাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয়। এই অভিযোগনামাত প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি আন ৬জনৰ নাম উল্লেখ কৰা হৈছে। বিস্ফোৰণৰ মূল অভিযুক্ত প্ৰজ্ঞা সিং বিচাৰৰ সন্মুখীন হ’ব লাগিব বুলি এন আই এয়ে প্ৰকাশ কৰে।

অভিযোগনামাত এন আই এয়ে প্ৰজ্ঞা সিং ঠাকুৰ আৰু আন ছয়জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ অধীনত অভিযোগ দাখিল কৰে। অভিযুক্তৰ বিৰুদ্ধে ইউ পি এৰ ধাৰা ১৬ আৰু ১৮ ৰ লগতে দণ্ডবিধিৰ ১২০(বি), ৩০৭ , ৩২৪, ১৫৩(এ)ৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

বৰ্তমান জামিনত আছে প্ৰজ্ঞা সিং। বাকী ছয় অভিযুক্ত হৈছে – কৰ্ণেল প্ৰসাদ পুৰোহিত, অজয় ​​ৰোহিৰকাৰ, মেজৰ ৰমেশ উপাধ্যায়, স্বামী দয়ানন্দ পাণ্ডে, সমীৰ কুলকাৰ্ণী আৰু সুধাকৰ চতুৰ্বেদী।

মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰজ্ঞা ঠাকুৰক থিয় কৰাইছিল। কংগ্ৰেছৰ দিগ্বিজয় সিঙক ৩.৬ লাখ ভোটত পৰাস্ত কৰি মধ্যপ্ৰদেশৰ ভোপাল সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল প্ৰজ্ঞা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd