মাৰপিটৰ গোচৰত বিজেপি সাংসদৰ ২ বছৰ জেল; ৰাহুল গান্ধীৰ দৰেই বাতিল হ’ব সাংসদ পদ?

বিজেপি সাংসদ ৰামশংকৰ কাঠেৰিয়া। ফাইল ফটো।

বিজেপি নেতা ৰামশংকৰ কাঠেৰিয়াক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছে আদালতে। ২০১১ চনৰ এটা মাৰপিটৰ ঘটনাৰ গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে। শনিবাৰে আগ্ৰাৰ বিশেষ এমপি/এমএলএ আদালতে এতোৱাৰ সাংসদগৰাকীৰ দুবছৰৰ কাৰাদণ্ডৰ কথা ঘোষণা কৰে।

তদুপৰি, আদালতে কাঠেৰিয়াক ৫০ হাজাৰ টকাৰ জৰিমনাও বিহে। আদালতৰ ৰায়ৰ পিছত হতাশ সাংসদগৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন কৰিব।

২০১১ চনৰ ১৬ নৱেম্বৰত কাঠেৰিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁ এটা মলৰ ভিতৰত ‘টৰেণ্ট পাৱাৰ’ নামৰ কোম্পানী এটাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছিল। কাৰ্যালয়ৰ কর্মচাৰীক নিৰ্বিচাৰে প্রহাৰো কৰিছিল। ১২ বছৰৰ পাছত আদালতে সেই গোচৰৰ ৰায় দিয়ে।

আদালতৰ ৰায় শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাঠেৰিয়াই কয়, ‘মই স্বাভাৱিকভাৱে আদালতলৈ আহিছিলো। কিন্তু আদালতে মোৰ বিৰুদ্ধে ৰায় দিলে। আদালতক মই বৰ সন্মান কৰো। অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ অধিকাৰ মোৰ আছে।‘

উত্তৰ প্ৰদেশৰ এতোৱাৰ বিজেপি সাংসদ কাঠেৰিয়া এসময়ত মোডীৰ মন্ত্ৰীসভাৰ সদস্য আছিল। অনুসূচিত জাতি-জনজাতি আয়োগৰ অধ্যক্ষও আছিল। নিয়ম অনুসৰি যদি কোনো সাংসদক আদালতে দুবছৰৰ কাৰাদণ্ড দিয়ে, তেন্তে তেওঁৰ সাংসদ পদ খাৰিজ কৰা হয়। ঠিক যেনেকৈ ৰাহুল গান্ধীৰ লগত ঘটিছিল।

গুজৰাটৰ চুৰাটৰ এখন আদালতে মোডী পদবী গোচৰত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। গুজৰাট উচ্চ ন্যায়ালয়েও সেই শাস্তি মানি লৈছিল। সেই সময়ত ৰাহুলৰ সাংসদ পদ নাকচ হৈছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে চুৰাটৰ নিম্ন আদালতৰ ৰায়দান স্থগিত ৰাখিছে। ফলত পুনৰ সাংসদ পদটো ঘূৰাই পাবলৈ ৰাহুলৰ এতিয়া কোনো সমস্যা নাই। অৱশ্যে তেওঁ পুনৰ কেতিয়া লোকসভাত প্ৰৱেশ কৰিব পাৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এনে প্ৰেক্ষাপটতে আগ্ৰাৰ বিশেষ এমপি/এমএলএ আদালতে বিজেপিৰ সাংসদগৰাকীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৰাহুলৰ দৰেই তৎপৰতা প্ৰদৰ্শন কৰি কাঠেৰিয়াৰ সাংসদ পদ কাঢ়ি লোৱা হ’বনে? তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে।