দেশত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য সৰ্বাধিক ৪০ টকা হ’ব লাগে; বৰ্দ্ধিত পেট্ৰ’লৰ মূল্য সন্দৰ্ভত সুব্ৰমণিয়ম স্বামীৰ মন্তব্য

মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯০ টকা অতিক্ৰম কৰাৰ পাছত সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যসভাৰ জেষ্ঠ সাংসদ সুব্ৰমণিয়ম স্বামীয়ে।

সুব্ৰমণিয়ম স্বামীয়ে দেশত পেট্ৰ’লৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দেশত প্ৰতি লিটাৰ পেট্ৰ’লৰ সৰ্বাধিক মূল্য ৪০ টকাৰ অধিক হ’ব নালাগে বুলি কয়।

‘‘পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯০ টকা অতিক্ৰম কৰাটো চৰকাৰৰ দ্বাৰা ৰাইজৰ ওপৰত চৰম শোষণ,’’ স্বামীয়ে কয়।

উল্লেখযোগ্য যে, বিজেপিৰ সাংসদ হ’লেও স্বামীয়ে প্ৰায়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰি অহা সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে।

বিশেষকৈ দেশৰ অৰ্থনৈতিক নীতিকে আদি কৰি বৈদিশিক সম্পৰ্ক সন্দৰ্ভতো বিজেপিৰ জেষ্ঠ নেতা গৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰিছে।

কোভিডৰ সংক্ৰমণৰ সময়ত ঘোষণা কৰা ল’কডাউনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাৰ পাছতে ভাৰতৰ বজাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাটো কেন্দ্ৰ চৰকাৰৰ এক দুৰ্বলতা হিচাপে পৰিগণিত হৈছে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ো বিজেপি চৰকাৰক পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বাবে তীব্ৰ সমালোচনা কৰিছিল।