অসমক কেন্দ্ৰ কৰি এগৰাকী বিজেপি সাংসদৰ চাঞ্চল্যকৰ মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। সংসদৰ মজিয়াত ধুবুৰী জিলাক ‘মিনি বাংলাদেশ’বুলি আখ্যা দি বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে এই বিতৰ্কৰ সূচনা কৰিছে। ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই মন্তব্য প্ৰকাশ কৰে। বিগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিপুল জয়ৰ কথা উল্লেখ কৰি সুধাংশু ত্ৰিবেদীয়ে এই বক্তব্য দিয়ে।
তেওঁ নিজ ভাষণত বিৰোধীৰ ভুৱা ভোটাৰৰ অভিযোগৰ জৱাবত কয় যে ভুৱা ভোটাৰৰ আগতে ভুৱা নাগৰিকৰ বিষয়টো স্পষ্ট কৰা উচিত। তেওঁ প্ৰশ্ন কৰে যে বিৰোধীয়ে কিয় এন আৰ চিৰ প্ৰতি সম্মতি নিদিয়ে। তাৰ পিছত তেওঁ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ধুবুৰীত ১০ লাখৰো অধিক ভোটত জয়ী হোৱাৰ কথা উল্লেখ কৰি ধুবুৰীক ‘মিনি বাংলাদেশ’ বুলি অভিহিত কৰে।
সুধাংশু ত্ৰিবেদীৰ মতে, এন আৰ চি সম্পন্ন হ’লে ভুৱা ভোটাৰৰ বিষয়টো স্পষ্ট হৈ পৰিব, কিন্তু বিৰোধীয়ে এন আৰ চি নিবিচাৰে। বিজেপি সাংসদগৰাকীৰ এই মন্তব্যৰ ফলত দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে এই ধৰণৰ বক্তব্যক ‘ভাৰতৰ নিৰাপত্তাৰ বাবে বিপজ্জনক” বুলি সমালোচনা কৰিছে। নিজৰ এক্স হেণ্ডেলত তেওঁ লিখিছে যে গোপীনাথ বৰদলৈয়ে ধুবুৰীৰ জনসাধাৰণক ভাৰতৰ সৈতে থাকিবলৈ আৰু পাকিস্তানত নাযাবলৈ কেনেকৈ বুজাইছিল, সেয়া ত্ৰিবেদীয়ে জানেনে বুলিও প্ৰশ্ন কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্কৰ প্ৰতিক্ৰিয়া জনাই এক্সত অঞ্চলটোৰ ঐতিহাসিক পৰিচয় তুলি ধৰিছে। সঞ্জয় হেগড়েৰ টুইটৰ উত্তৰত তেওঁ কয় “ধুবুৰী পূৰ্বৰ গোৱালপাৰা জিলাৰ অংশ আছিল। গোৱালপাৰা জিলাত বড়ো আৰু কোচ-ৰাজবংশীৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰধানকৈ বসবাস কৰি আহিছে। এই জনগোষ্ঠীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক গভীৰভাৱে শিপাই আছে।”
তেওঁ আৰু উল্লেখ কৰে যে ‘এই থলুৱা জনসাধাৰণে কেতিয়াও পাকিস্তানত যোগদানৰ ইচ্ছা প্ৰকাশ কৰা বা তাৰ বাবে গণভোট বিচৰাৰ কোনো প্ৰমাণ নাই।’ একে সময়তে তেওঁ প্ৰব্ৰজনৰ ফলত জনগাঁথনিগত পৰিৱৰ্তনৰ প্ৰতি উদ্বেগ স্বাভাৱিক আৰু বাস্তৱিক বুলিও মত প্ৰকাশ কৰিছে।
ইফালে অসম বিধানসভাত বিৰোধী দলৰ বিধায়কসকলে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ ধুবুৰী জিলাক ‘মিনি বাংলাদেশ’বুলি উল্লেখ কৰা মন্তব্যৰ বিৰুদ্ধে গৰিহণাৰ প্ৰস্তাৱ গৃহীত কৰাৰ দাবী জনাইছে।