NORTHEAST NOW (Assamese)

চাহ বাগিচাৰ ভোট লাগিবই বিজেপিক! : নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্তৰ ‘বাম্পাৰ অফাৰ’

February 3, 2021 6:37 pm · কল্পজ্যোতি শইকীয়া
Updated: February 3, 2021 6:39 pm

সমাগত ২০২১ৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাথো ২ মাহ বাকী।

তেনে সময়তে ন-ন হিতাধিকাৰী সৃষ্টিৰ উদ্দেশ্যে ন-ন আঁচনিৰ টোপ বিলাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ শাসনাধীন বিজেপি চৰকাৰে।

অৰুণোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ তথা বিপিএল কাৰ্ড থকা লোকসকলক ৮৩০ টকাকৈ মাহেকীয়া হিচাপত প্ৰদান কৰাৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত উপস্থিত থকাৰ বাবদ ১০০ টকাকৈ দৈনিক প্ৰদানৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ঠিক সেইদৰে এইবাৰ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে একো একোটা নতুন হিতাধিকাৰী সৃষ্টি কৰাৰ উদ্দেশ্যে চাহ শ্ৰমিকক ৩ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ ৮ লাখ চাহ শ্ৰমিকক ৩ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে অহা ৬ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে এই ধন প্ৰদান কৰিব বুলি ঘোষণা কৰে।

তেওঁ জনোৱা অনুসৰি খানাপাৰাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব ধন।

ইপিনে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ধন প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। তাৰ পাছদিনাই অৰ্থ্যাৎ ৭ ফেব্ৰুৱাৰীত বিশ্বনাথত মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

নিৰ্বাচন সমাগত যিমানেই হৈছে সিমানেই বৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ সিমানেই বৈছে সোঁত।

উল্লেখযোগ্য যে, পূৰ্বে অসম চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰদান কৰিছিল ২৫০০টকাকৈ।

Related News