• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ জাতীয়তাবাদী সত্ত্বা এতিয়া কফিনৰ ভিতৰত থকা প্ৰেতাত্মা হ’ল: মন্ত্ৰী অতুল বৰা

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 3, 2021 6:58 pm

2 min read

Atul Bora vs AASU.1

ফটো: নৰ্থইষ্ট নাও।

286
VIEWS
Share on FacebookShare on Twitter

‘’সদৌ অসম ছাত্ৰ সন্থাই জাতীয়তাবাদী সত্ত্বাক কফিনত ভৰাই শেষ গজালটো মাৰি দুই গজ মাটিৰ তলত পুতি পেলালে ৷ আছুৰ জাতীয় সত্ত্বা এতিয়া প্ৰেতাত্মা হ’ল ৷ প্ৰেতাত্মা আকৌ আছুৰ শৰীৰলৈ উভতি নাহে ৷’’

আছুৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক মঙ্গলবাৰে শেষ সকীয়নি প্ৰদানৰ পাছত আজি বোকাখাতত অগপৰ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, স্থানীয় বিধায়ক অতুল বৰাই আছুৰ প্ৰতি পুনৰ শেষ সকীয়নি প্ৰদান কৰে ৷

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই অসম গণ পৰিষদক সমালোচনা কৰাৰ পৰা বিৰত থকাৰ বাবে সকীয়নি দিয়াৰ প্ৰসংগত আজি বোকাখাতত এইদৰে কয় মন্ত্ৰী অতুল বৰাই ৷

অতুল বৰাক প্ৰাক্তন আছু নেতা বুলি ক’বলৈ লাজ লগা বুলি কৰা মন্তব্যৰ উত্তৰ দি অতুল বৰাই সদৌ অসম ছাত্ৰ সন্থা এতিয়া অৰাজনৈতিক বা জাতীয় সংগঠন হৈ থকা নাই বুলি মন্তব্য কৰাৰ উপৰিও ৰাজনৈতিক পোচাক পিন্ধা আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ আনক সমালোচনা কৰাৰো কোনো অধিকাৰ নাই বুলিও মন্তব্য কৰে ৷

অতুল বৰাৰ মতে আছুৱে কৰি অহা ভুল বিলাকহে আমি সময়ে সময়ে সোঁৱৰাই আহিছো ৷ শ্ৰীকৃষ্ণই কৰিলে লীলা আৰু আনে কৰিলে ধৰি বান্ধি কিলা বুলিও আছুৰ প্ৰতি তীৰ্যক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে আজিৰ দিনটোত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই বোকাখাত পৌৰসভাৰ চাৰিটা ৱাৰ্ডৰ ১৬ টা পথৰ ইটোৰ ফিটা কাটি উন্মোচন কৰাৰ উপৰিও বহু পথ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে ৷

ইয়াৰ মাজতে মন্ত্ৰীগৰাকীয়ে বোকাখাত কৈলাখাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত বেটমিন্টন প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে মধ্য গড়মূৰ বুঢ়া নামঘৰত বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্ট প্ৰহৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ সেৱাও আগবঢ়ায়৷

এই নামঘৰৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ডেৰ লাখ টকাৰ আৰু বৰ্দ্ধিত এঘাৰখেলীয়া সমিতিৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়ায়।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd