এইবাৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই নামাকৰণ কৰিলে কংগ্ৰেছ দলৰ দ্বাৰা পৰিচালিত, প্ৰযোজিত তথা নিবেদিত দুখন চলচ্চিত্ৰৰ নাম। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে আজি ৰাজহুৱাভাবে নামকৰণ কৰিলে চলচ্চিত্ৰ দুখনৰ নাম। চিনেমা দুখন ক্ৰমে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং আৰু ‘আচলি-নকলি।‘
চলচ্চিত্ৰ দুখনৰ সৈতে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক, জ্যেষ্ঠ নেতৃবন্দই অভিনয় কৰিছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে আৱালে।
ইপিনে, চলচ্চিত্ৰ দুখনৰ মুখ্য চৰিত্ৰও বাছি উলিয়াই আৱালে। আৱালে দাবী কৰা মতে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং’ নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আনফালে, ‘আচলি-নকলি’ চিনেমাৰ দুটাকৈ মুখ্য চৰিত্ৰ আছে বুলি জনায় আৱালে। ‘সেই দুজন ক্ৰমে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।
অৱশ্যে যোৱা ৭০ দশকৰে পৰা উক্ত চিনেমাৰ শ্বুটিং চলি আছে, ‘শেষ হোৱা নাই’ বুলি দাবী কৰি আৱালে লগতে কয়, ‘‘শ্বুটিংৰ কালছোৱাত কংগ্ৰেছে কেৱল অভিনয়ে কৰি আহিলে। তেওঁলোকে ভূৱা অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকৰ কামো কৰি আছে।‘’
প্ৰণিধানযোগ্য যে, কালি বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।
লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘এজন ৰাজনৈতিকভাৱে শিষ্টাচাৰ নথকা অভদ্ৰ ব্যক্তি’ বুলি অভিহিত কৰিছিল। তাৰ পাছত কংগ্ৰেছৰ ‘চলচ্চিত্ৰ’ৰ এইদৰে বিবৰণী তথা নামাকৰণ কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।
আনহাতে, চলচ্চিত্ৰৰ প্ৰসংগ সামৰি তেওঁ কংগ্ৰেছ দলটোক পোনপটীয়া আক্ৰমণো কৰে।
আৱালৰ মতে ‘’তৰুণ গগৈয়ে যি বদৰুদ্দিন আজমলক শেষ কৰি দিয়াৰ কথা কৈছে, সেই বদৰুদ্দিন আজমলক ৰাহুল গান্ধীয়ে লগত লৈ তিনি ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সভাই সভাই ভ্ৰমণ কৰি ফুৰিছে।‘’
ইয়াৰোপৰি, ‘’কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আচলতে আচৰিত আৰু অবান্তৰ কথা,‘’- বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত কয়।
‘’কুলি-কাউৰী তেওঁলোকেই সকলো।‘’ মোদীক কুলি চৰাই বুলি সম্বোধন কৰা কংগ্ৰেছী নেতাক এইদৰে উভতি ধৰে মুমিনুল আৱালে।
সেয়া যি কি নহওঁক, শুনাত ৰসাল হ’লেও বিজেপিয়ে ইতিমধ্যে নামাকৰণ কৰিলে কংগ্ৰেছৰ ‘চলচ্চিত্ৰৰ’ নাম। এতিয়া বিজেপিৰ দ্বাৰা নিবেদিত ‘চলচ্চিত্ৰ’ৰ নাম কংগ্ৰেছে কেনেদৰে কৰে সেয়া সময়ত লক্ষণীয় হ’ব।