• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে নামকৰণ কৰিলে কংগ্ৰেছৰ দুখন চলচ্চিত্ৰৰ নাম, কি এই চলচ্চিত্ৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2018 10:50 pm
Muminul Awall

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল অৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই নামাকৰণ কৰিলে কংগ্ৰেছ দলৰ দ্বাৰা পৰিচালিত,  প্ৰযোজিত তথা নিবেদিত দুখন চলচ্চিত্ৰৰ নাম। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে আজি ৰাজহুৱাভাবে নামকৰণ কৰিলে চলচ্চিত্ৰ দুখনৰ নাম। চিনেমা দুখন ক্ৰমে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং আৰু ‘আচলি-নকলি।‘

চলচ্চিত্ৰ দুখনৰ সৈতে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক, জ্যেষ্ঠ নেতৃবন্দই অভিনয় কৰিছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে আৱালে।

Apply Now

ইপিনে, চলচ্চিত্ৰ দুখনৰ মুখ্য চৰিত্ৰও বাছি উলিয়াই আৱালে। আৱালে দাবী কৰা মতে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং’ নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আনফালে, ‘আচলি-নকলি’ চিনেমাৰ দুটাকৈ মুখ্য চৰিত্ৰ আছে বুলি জনায় আৱালে। ‘সেই দুজন ক্ৰমে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

অৱশ্যে যোৱা ৭০ দশকৰে পৰা উক্ত চিনেমাৰ শ্বুটিং চলি আছে, ‘শেষ হোৱা নাই’ বুলি দাবী কৰি আৱালে লগতে কয়, ‘‘শ্বুটিংৰ কালছোৱাত কংগ্ৰেছে কেৱল অভিনয়ে কৰি আহিলে। তেওঁলোকে ভূৱা অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকৰ কামো কৰি আছে।‘’

প্ৰণিধানযোগ্য যে, কালি বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘এজন ৰাজনৈতিকভাৱে শিষ্টাচাৰ নথকা অভদ্ৰ ব্যক্তি’ বুলি অভিহিত কৰিছিল। তাৰ পাছত কংগ্ৰেছৰ ‘চলচ্চিত্ৰ’ৰ এইদৰে বিবৰণী তথা নামাকৰণ কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, চলচ্চিত্ৰৰ প্ৰসংগ সামৰি তেওঁ কংগ্ৰেছ দলটোক পোনপটীয়া আক্ৰমণো কৰে।

আৱালৰ মতে ‘’তৰুণ গগৈয়ে যি বদৰুদ্দিন আজমলক শেষ কৰি দিয়াৰ কথা কৈছে, সেই বদৰুদ্দিন আজমলক ৰাহুল গান্ধীয়ে লগত লৈ তিনি ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সভাই সভাই ভ্ৰমণ কৰি ফুৰিছে।‘’

ইয়াৰোপৰি, ‘’কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আচলতে আচৰিত আৰু অবান্তৰ কথা,‘’- বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত কয়।

‘’কুলি-কাউৰী তেওঁলোকেই সকলো।‘’ মোদীক কুলি চৰাই বুলি সম্বোধন কৰা কংগ্ৰেছী নেতাক এইদৰে উভতি ধৰে মুমিনুল আৱালে।

সেয়া যি কি নহওঁক, শুনাত ৰসাল হ’লেও বিজেপিয়ে ইতিমধ্যে নামাকৰণ কৰিলে কংগ্ৰেছৰ ‘চলচ্চিত্ৰৰ’ নাম। এতিয়া বিজেপিৰ দ্বাৰা নিবেদিত ‘চলচ্চিত্ৰ’ৰ নাম কংগ্ৰেছে কেনেদৰে কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd