হিমন্তৰ আহ্বানক অসন্মান দলীয় নেতাৰ; কৰ’নাৰ আতংকৰ মাজত শতাধিক লোক সমাবেত হৈ বিজেপিত যোগদান

Himanta and BJP Story

মাজুলীত বিজেপিত যোগদান কৰা কৰ্মীসকল

দেশজুৰি কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে বিভিন্ন নিৰ্দেশনাৱলী দিয়াৰ পাছত শসকীয় বিজেপি দলে নিজেই চৰকাৰৰ নিৰ্দেশাৱলী ভংগ কৰিছে।

ইতিমধ্যে, চৰকাৰ তথা প্ৰশাসনে বাৰেপতি ১০ জনতকৈ অধিক লোকক সমবেত নহ’বলৈ সকীয়াই দি অহাৰ সময়ত বিজেপিৰ কাৰ্যালয়ত সমবেত হৈছে শতাধিক লোক।

আজি মাজুলী জিলাত কংগ্ৰেছ,  চুতীয়া ছাত্ৰ সন্থাকে ধৰি অন্যান্য দল সংগঠনৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

অৱশ্যে শতাধিক লোকে এক মিটাৰ ব্যৱধান নৰখাকৈ সমাবেত হোৱাৰ পাছতো যোগদান কাৰ্যসূচীত উপস্থিত থকা উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়াই ইয়াক অনুস্থুপিয়া আখ্যা দিয়ে।

কৰ’নাৰ আতংক নোহোৱাহেঁতেন এই কাৰ্যসূচী আৰু ব্যাপক ৰূপত ৰূপায়ণ কৰিব পৰা গ’ল হেতেন বুলিও ঠাকুৰীয়াই লগতে কয়।

আনহাতে, এই সম্পৰ্কত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় ‘‘কিছুমান পৰিবেশত কিছুমান কাম এৰাই চলিব নোৱাৰি। এটা জনজীৱন কেতিয়াও অচল কৰি তুলিব নোৱাৰি। কিছুমান কাম নকৰাকৈ থাকিব নোৱাৰি, নহ’লে জনজীৱন স্তব্ধ হৈ যাব।’’

উল্লেখযোগ্য যে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু একেখিনি সময়তে বিবাহ, পূজা-পাৰ্বন, দোকানৰ আদ্দা আদিও এৰাই চলাৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল।

বিজেপিৰ অন্যান্য কৰ্মী সকলে হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান নামানিলে নে তেওঁলোকক ৰাজনৈতিক যোগদান কাৰ্য্যসূচী চলাই থাকিবলৈ ওপৰ মহলাৰ পৰা অনুমতি দিয়া হৈছে সেয়া জনিব পৰ হোৱা নায়।

তাৎপৰ্যপূৰ্ণভাৱে যোগদান কাৰ্য্যসূচীৰ সময়,ত কোনো এগৰাকী বিজেপি নেতা বা যোগদানকাৰী সদস্যৰ মুখত মাস্ক দেখিবলৈ পোৱা নগ’ল।

এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰিলে।

উল্লেখযোগ্য যে, জন সমাবেশ নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিয়া, সবাহতো অতিথি নিমন্ত্ৰণ নকৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনাইছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনকি ইছলাম ধৰ্মাৱলম্বী লোকক নামাজো ঘৰতে অকলে পঢ়িবলৈ আহ্বান জনাইছিল মন্ত্ৰী জনে।

তাৰ বিপৰীতে বিজেপিয়ে এনেদৰে চৰকাৰী আহ্বানক উপলুঙা কৰি নিজেই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি অসচেতনতা প্ৰকাশ কৰা কাৰ্য্যই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উক্ত কাৰ্যসূচীত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত থকা সাংবাদিকে এনে যোগদান অনুষ্ঠান কৰ’নাৰ আতংকৰ পাছতো অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন বুলি উনুকিয়াই দিয়ে বিজেপি নেতৃত্বক।