অসহায়তাৰ সুযোগ লৈ একেৰাহে পাঁচগৰাকী মহিলাক ‘ধৰ্ষণ’। নাৰীৰ নিসংগতাৰ সুযোগ লৈ নিজৰ যৌন তাড়না পূৰণ। কাম দিয়াৰ নামত মাতি আনি ড্ৰাগছ সেৱন কৰাই অচেতন কৰি চলাইছিল শাৰীৰিক নিৰ্যাতন। সেই কৃতিত্বৰ ভিডিঅ’ও আকৌ তেওঁ বনাইছিল। আদালতে দোষী সাব্যস্ত কৰিছে ছিডনীৰ ‘ছিৰিয়েল ৰেপিষ্ট’ এইজন বালেশ ধনকৰক।
অষ্ট্ৰেলিয়াৰ বাসিন্দা এই ব্যক্তি আকৌ বিজেপিৰ ঘনিষ্ঠ বুলি পোহৰলৈ আহিছে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চতে তেওঁৰ ছবিও দেখা গৈছে। বালেশ ধনকৰে বিজেপিৰ সমৰ্থনত অষ্ট্ৰেলিয়াত প্ৰবাসীসকলকলৈ সংগঠন এটা গঠন কৰে।
লগতে পঢ়ক: অত্যন্ত ‘চিৰিয়াছ’ বিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
জানিব পৰা মতে, ছিডনীত বালেশ ধনকৰ অকলে বাস কৰিছিল। কোৰিয়ান চিনেমা, সংগীতৰ লগতে কোৰিয়ান খাদ্য ভাল পাইছিল। কোৰিয়ান পৰ্ণও আছিল প্ৰিয়। যৌন জীৱনটোক সেই পৰ্ণৰ দৰে ৰঙীণ কৰিব বিচাৰিছিল। আৰু সেইবাবেই ধনকৰে বাছি লৈছিল এটা নতুন পন্থা।
আদালতৰ সূত্ৰ অনুসৰি, কেইবছৰমানৰ আগতে ছ’চিয়েল মিডিয়াত ‘কোৰিয়ান অনুবাদক বিচাৰি’ বিজ্ঞাপন দিছিল। সেই সূত্ৰৰ ভিত্তিত এগৰাকীৰ পিছত আনগৰাকী মহিলাই তেওঁৰ সৈতে যোগাযোগ কৰিছিল।
লগতে পঢ়ক: পুনৰ মাজ আকাশত প্ৰস্ৰাৱ কাণ্ড! নিউয়র্কৰ পৰা দিল্লী অভিমুখী বিমানত যাত্রীৰ অভব্য আচৰণ
বালেশ ধনকাৰে তেওঁলোকক কেফেলৈ মাতি আনি ‘ভুৱা সাক্ষাৎকাৰ’ লৈছিল। তাৰ পৰা মহিলাসকলক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ লৈ গৈছিল। তাৰ পিছত কোনো অজুহাত উলিয়াই তেওঁলোকক নিজৰ ফ্লেটলৈ লৈ গৈ ড্ৰাগছ খুৱাই অচেতন কৰি তুলিছিল। তাৰ পিছত চলাইছিল শাৰীৰিক নিৰ্যাতন। ইয়াৰ ৰেকৰ্ডো কৰা হৈছিল। সেই অভিযোগত আদালতে ধনকৰক দোষী সাব্যস্ত কৰিছে। অহা মে’ মাহত তেওঁৰ শাস্তি ঘোষণা কৰা হ’ব।
উল্লেখ্য যে বিজেপিৰ সমৰ্থক বালেশ ধনকৰে ‘অ’ভাৰচীজ ফ্ৰেণ্ডছ অফ বিজেপি’ সংগঠন গঠন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ ছবিও তেওঁৰ হাতত আছে। সেই ছবিখন এতিয়াও ধনকৰৰ ৱেবছাইটত জিলিকি আছে।
আনকি এনএছডব্লিউৰ চৰকাৰী অনুষ্ঠানতো তেওঁ ভাষণ দিছিল। মুঠতে ছিডনীৰ এই কুখ্যাত ধৰ্ষণকাৰীৰ সৈতে মোডী আৰু বিজেপিৰ ঘনিষ্ঠতা প্ৰকাশ পোৱাত গেৰুৱা শিবিৰ অস্বস্তিত পৰিছে।