NORTHEAST NOW (Assamese)

বিশ্বনাথত বিজেপি দলৰ পঞ্চায়ত প্ৰাৰ্থীৰ হাতত প্ৰাণ গ’ল পিতৃৰ

November 28, 2018 7:22 pm · কাজি জেইদুল ইছলাম
অভিযুক্ত বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী চুতু পাটৰ

বিশ্বনাথত এগৰাকী পঞ্চায়ত প্ৰাৰ্থীয়ে নিজ পিতৃক হত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ মহালক্ষী বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে মঙলবাৰে বিশ্বনাথৰ চেলাইখাটী গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী চুতু পাটৰে নিজৰ বৃদ্ধ পিতৃ গুমচ পাটৰ(৬০)ক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে।

ঘটনা অনুসৰি গুমচ পাতৰে মদ্যপান কৰি আহি তেওঁৰ কন্যা মাইনু পাটৰক এডাল লাঠিৰে প্ৰহাৰ কৰিছিল। পিতৃৰ প্ৰহাৰৰ পৰা মাইনুৱে কোনো মতে নিজকে ৰক্ষা কৰে যদিও এই সমস্ত ঘটনা প্ৰত্যক্ষ কৰি থকা গুমচৰ পুত্ৰ চুটু পাটৰে লগে লগে পিতৃৰ হাতৰ পৰা লাঠি দাল কাঢ়ি লৈ পিতৃক প্ৰহাৰ কৰে।

অৱশ্যে পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পিতৃক পিছত পুত্ৰ চুতু পাটৰে নিজেই চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে গোমচ পাটৰৰ মৃত্যু হয়।

উল্লেখযোগ্য যে গাওঁৰক্ষী বাহিনীৰ সম্পাদক গৰাকীয়ে জনোৱা মতে গোমচ পাটৰে দুগৰাকীক বিয়া কৰাইছিল। ইয়াৰে দ্বিতীয় পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে। দ্বিতীয় পত্নীৰ কন্যা মাইনুক আক্ৰমণ কৰি ‘মাৰ আৰু ককায়েৰক যেনেকৈ মাৰিছিলো তোকো তেনেদৰেই মাৰিম’ বুলি কৈছিল পিতৃয়ে। ইয়াতে অতিষ্ঠ হৈ প্ৰথমা পত্নীৰ পুত্ৰ চুটুয়ে নিজ পিতৃক লাঠিৰে প্ৰহাৰ কৰাত লোকজনে মৃত্যুক আঁকোৱালি লয়।

আনহাতে বিশ্বনাথ আৰক্ষীয়ে আজি অভিযুক্ত বিজেপি দলৰ চেলাইখাটী গাওঁ পঞ্চায়তৰ প্ৰাৰ্থী চুটু পাটৰক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে।

Related News