বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰী! শেহতীয়া মন্তব্যই কাল হ’ল নেকি গাডকাৰীৰ বাবে?

বিজেপিয়ে শেহতীয়াকৈ পুনৰ গঠন কৰা দলটোৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতা বাদ পৰাৰ কথাই এতিয়া বিভিন্ন জনৰ মাজত বেছ চৰ্চাৰ বিষয় হৈ পৰিছে৷ আৰএছএছৰ ঘনিষ্ঠ হিচাবে পৰিচিত নীতিন গাডকাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি বাচনিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷

ইমানৰ পিছতো তেওঁক কিয় সমিতি খনৰ পৰা বাদ দিয়া হ’ল সেয়া এক ৰসহ্যৰ বিষয় হৈ পৰিছে৷ বহুতে এইবুলি কৈছে যে নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সাম্প্ৰতিক ৰাজনীতিয়ে তেওঁক আমুৱাইছে বুলি কৰা মন্তব্যৰ বাবেও হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্ব তেওঁৰ ওপৰত খৰ্ড়হস্ত হ’ব পাৰে৷ গাডকাৰীয়ে তেওঁৰ মন্তব্যৰ জৰিয়তে সাম্প্ৰতিক নীতিহীন ৰাজনীতিক উদঙাই দিয়া বুলি বহুতে আলোচনা কৰিছে৷ আন কিছুসংখ্যকে আকৌ ক’ব বিচাৰিছে যে বিজেপিত অমিত শ্বাহে মোদীৰ পিছতে দ্বিতীয় শক্তিশালী নেতা হৈ থাকিব বিচাৰে৷ সেয়ে গাডকাৰীৰ দৰে নেতাক নীতি নিৰ্ধাৰক সমিতিত ৰাখিলে অসুবিধা হ’ব বুলি ভাবিয়েই তেওঁক আঁতৰোৱা হৈছে৷

উল্লেখ্য কালি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম ।

বিজেপিয়ে প্ৰকাশ কৰা কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা বাদ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।বোৰ্ডত বি এছ য়েডিয়ুৰাপ্পা আৰু ইকবাল সিং লালপুৰাকে ধৰি ছয় গৰাকী নেতাক স্থান দিয়া হৈছে । ৱা বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, সুধা সাদৱ আৰু সত্যনাৰায়ণ জাতীয়াক অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি সভাপতি জে পি নাড্ডাও এই সমিতি খনত আছে ।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতি খনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, ওম মাথুৰ আৰু বিজেপিৰ মহিলা শাখাৰ মুৰব্বী ভানাথি শ্ৰীনিবাসনক স্থান দিয়া হৈছে।ইপিনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাহনৱাজ হুছেইন আৰু জুৱেল ওৰামক কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ পৰা বাদ দিয়া হৈছে ।