২১ ৰ নিৰ্বাচনৰ প্ৰথম ৰণডংকা বজালে বিজেপিয়ে; কলাক্ষেত্ৰত কেন্দ্ৰীয়-ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভা

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা হ’লে উজনি অসমৰ কংগ্ৰেছী বিধায়কে আসন হেৰুৱাব : ৰঞ্জিত দাস

bjppppp

২১ ৰ নিৰ্বাচনলৈ মাজত মাথো ৬ মাহ। গতিকে সমানে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল।

যিকোনো প্ৰকাৰে ২০২১ ত পুনৰবাৰ শাসনলৈ আহিবলৈ ইতিমধ্যে কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে।

ইয়াৰে প্ৰথম কাৰ্য্যসূচী হিচাপে নতুন ৰাজ্যিক কমিটিৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। য’ত  ঘোষণা কৰা হয় বিজেপিৰ ১০০ দিনীয়া কাৰ্য্য ক্ৰমণিকা।

ৰাইজৰ মাজলৈ বিজেপিয়ে কৰা উন্নয়নৰ নমুনাসমূহ লৈ যোৱাই হ’ব এই কাৰ্য্য ক্ৰমণিকাৰ মূল বিষয়বস্তু।

ইয়াৰ লগতে বহুকেইটা ৰাজনৈতিক প্ৰস্তাৱ আৰু আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম, বানপানীৰ সমস্যাৰ লগতে বিভিন্ন প্ৰস্তাৱ লোৱা হয় বুলি জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

‘আজিৰে পৰাই নিৰ্বাচনী ৰণডংকা বজালো। বিজেপিৰ কাৰ্য্যকৰ্তাসকলে ২৪ ঘন্টাই কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছো।‘ ৰূপম গোস্বামীয়ে লগতে কয়।

ইপিনে, উক্ত কাৰ্য্যনিৰ্বাহক সভাত ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি বক্তব্য দাঙি ধৰিছিল তাৰ সংক্ষিপ্ত বিৱৰণ তলত উল্লেখ কৰা হ’ল :

ৰঞ্জিত দাস : কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা অসমবাসীৰ বাবে অশুভ সংকেত। ইয়াৰ আগতেও কংগ্ৰেছ- এআইয়ুডিএফে গোপনে মিত্ৰতা কৰিছিল। যোৱাবাৰ লোকসভা নিৰ্বাচনতো তেওঁলোকৰ গোপন মিত্ৰতা আছিল। কংগ্ৰেছ এআইয়ুডিএফউৰ মিত্ৰতা হ’লে কংগ্ৰেছৰ দখলত থকা তিতাবৰ, নাজিৰা, ডুমডুমা, শিৱসাগৰ সমষ্টি কংগ্ৰেছে এইবাৰ হেৰুৱাব। অসমৰ জনসাধাৰণে কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতাক অ-পবিত্ৰ মিত্ৰতা বুলি ভাবে।

ৰাম মাধৱ : কংগ্ৰেছ ভ্ৰষ্টাচাৰী আৰু এআইয়ুডিএফ পুৰ্ববংগীয় মুছলমানৰ দল। এআইয়ুডিএফ পুৰ্ববংগীয় মূলৰ পৰা অহা মানুহবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত জন্ম হৈছিল।  এই দুয়োটা দলৰ মিত্ৰতা অসমবাসীয়ে স্বীকাৰ কৰি নলয়। জাতি-মাটি ভেটিৰ স্বাৰ্থত আমি যিবোৰ কাম কৰিলো যেনে পোন প্ৰথমবাৰলৈ খিলঞ্জীয়া লোকক চৰকাৰে মাটি দিলো, ভেটি সুৰক্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ সত্ৰ মঠ মন্দিৰত হৈ থকা বেদখল মুক্ত কৰিলো।

সৰ্বানন্দ সোণোৱাল : কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে তাৰ কোনো ভিত্তি নাই। কেৱল সস্তীয়া উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক অভিযোগৰে চৰকাৰখনক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এইবোৰৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কাৰ্য্যকৰ্তাই যুক্তিসহকাৰে থিয় হ’ব লাগিব।

আমাৰ হাতত যুক্তিৰ অস্ত্ৰ আছে। আমি যি কাম কৰিছো অতি ভক্তিভাৱেৰে, শ্ৰদ্ধা সহকাৰে কৰিছো। আমাৰ চৰকাৰৰ কামে জনসাধাৰণৰ মনত আনন্দ দিবলৈ সক্ষম হৈছে। আমি ৰাইজৰ সন্মুখত কেতিয়াও মিছা কথা কোৱা নাই। সকলো কথা ৰাইজৰ সন্মুখত স্বচ্ছতাৰে দাঙি ধৰিছো।

এই যুঁজত We Are the Best হ’ব লাগিব।

হিমম্ত বিশ্ব শৰ্মা : CAA আন্দোলনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকল কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। বানপানী আৰু কোভিদৰ সময়তো  আমি কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। সেৱাৰ মনোভাৱৰে আমি অসমৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিলো।

যোৱা চাৰে চাৰিটা বছৰত অসমৰ জনজীৱনলৈ উন্নয়নৰ গংগা নামি আহিল। প্ৰথমবাৰ এখন চৰকাৰ হৈছে যাৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ মূৰ দাঙি উঠা নাই।

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হিচাপে গৌৰৱ অনুভৱ কৰো এইখনেই এখন চৰকাৰ যিখন চৰকাৰে মোৰ সতীৰ্থ মন্ত্ৰী- বিধায়কৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ অভিযোগৰ বাতৰি লিখিবলৈ সুযোগ পোৱা নাই।

যোৱা ২০-২৫ বছৰত আলু কেলেংকাৰী, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীলৈকে বাতৰি কাকতৰ পৃষ্ঠা ভৰি আছিল। কংগ্ৰেছে চাহ বাগিচাৰ ভোটৰে এখন এখন চৰকাৰ গঠন কৰিছিল, কিন্তু কোনো দিনাই এই চিন্তা  কৰা  নাছিল যে তেওঁলোকৰ সন্তানৰো হাইস্কুলত পঢ়াৰ অধিকাৰ আছে। এইখন অসমত সেৱাই সৰ্বোচ্চ স্থান লাভ কৰিছে। কোভিদৰ যুদ্ধত এগৰাকী আশা কৰ্মীৰ পৰা মেডিকেল কলেজৰ অধ্যক্ষলৈকে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই গৈছে