বিজেপিৰ সাংগঠনিক নিৰ্বাচনৰ বাবে জিলা ভিত্তিক নিৰ্বাচন প্ৰভাৰী নিযুক্তি

bjp flag

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন প্ৰভাৰী হিচাপে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ভৱেশ কলিতা আৰু সহ-নিৰ্বাচন প্ৰভাৰী হিচাপে শ্ৰী মিচন ৰঞ্জন দাসক নিযুক্তি দিয়ে ৰাষ্ট্ৰীয় নিৰ্বাচন প্ৰভাৰী শ্ৰী ৰাধামোহন সিঙে।

ৰাজ্যিক নিৰ্বাচন প্ৰভাৰী শ্ৰী ভৱেশ কলিতাই অসমৰ প্ৰতিখন জিলাৰ বাবে এজনকৈ জিলা নিৰ্বাচন প্ৰভাৰী আৰু এজনকৈ জিলা সহ-নিৰ্বাচন প্ৰভাৰী নিযুক্তি দিছে।

তালিকাত উল্লেখ কৰা অনুসৰি জিলা নিৰ্বাচন প্ৰভাৰী হিচাপে নগাঁৱত মন্ত্ৰী পিযুষ হাজৰিকা, গুৱাহাটীত নোমল ম’মিন, ডিমা হাচাওত দেৱ প্ৰতীম বৰা, চৰাইদেৱত বিনোদ হাজৰিকা, কোকৰাঝাৰত অশোক সিংহাল, মাজুলীত বিমল বৰা, লখিমপুৰত প্ৰমোদ বৰঠাকুৰ, উত্তৰ-কামৰূপত নাৰায়ণ ডেকা আৰু দক্ষিণ কামৰূপত জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হয়।

আনহাতে, মৰিগাঁৱত নৱদ্বীপ কলিতা, শোণিতপুৰত অশোক শৰ্মা, ওদালগুৰিত মনোজ শহৰীয়া, গোৱালপাৰাত নবাৰুণ মেধি, চিৰাঙত শিৱনাথ ব্ৰহ্ম, বজালীত হিমানী অধিকাৰী, বঙাইগাঁৱত কিশোৰ উপাধ্যায়, ঢকুৱাখানাত অমিয়া ভূঞা আৰু হোজাইত দিপলু ৰঞ্জন শৰ্মাক দায়িত্ব দিয়া হয়।

তদুপৰি, বিশ্বনাথত শিৱ ভদ্ৰা, পশ্চিম কাৰ্বি আংলঙত ভৱেন মোহন, কৰিমগঞ্জত ৰামকৃষ্ণ ঘোষ, বাক্সাত অনিল দাস, ধুবুৰীত মৃগেন শহৰীয়া, হাইলাকান্দিত নিহাৰ ৰঞ্জণ দাস, কাছাৰত শুদ্ধাংশু দাসক দলৰ ফালৰ পৰা দায়িত্বভাৰ অৰ্পন কৰা হয়।

কলিয়াবৰ, শদিয়া, দৰং, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাছাৰ, পূৱ ধুবুৰী, নলবাৰী, তিনিচুকীয়া, ডিব্ৰুগড়, বৰপেটা, যোৰহাট, গোলাঘাট আৰু ধেমাজীৰ জিলা প্ৰভাৰী হিচাপে ক্ৰমে মুকুতা ডেকা, ৰুপা কামান, মৃগাংক তালুকদাৰ, ভৱেন শৰ্মা, বিজু সৰকাৰ, ম’মিনুল আৱোৱাল, পৰাণ কুমাৰ দাস, বিতুপন ৰায়ডাঙৰীয়া, হৰেন দেউৰী, শৰৎ ব্ৰহ্ম, জয়ন্ত দাস, নীলুপম দাস আৰু অনুপ ব্ৰহ্মক দায়িত্ব ভাৰ দিয়া হয়।