দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰি দেশত ঘৃণা আৰু হিংসা বিয়পাইছে শাসকীয় বিজেপি আৰু দলটোৰ আদৰ্শগত গুৰু আৰএছএছে। এইবাৰ লণ্ডনৰ ভূমিত নহয়, কৰ্ণাটকৰ ভূমিৰ পৰাই বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ এই অভিযোগ উত্থাপন কৰি আক্ৰমণাত্মক হৈ উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এক দলীয় প্ৰচাৰ সভাত এই মন্তব্য কৰিছে গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ মতে, বিজেপি আৰু আৰএছএছে ভাৰতবৰ্ষত ঘৃণা আৰু হিংসা বিয়পাইছে। তেওঁ লগতে বিজেপিয়ে দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ পৰা ধন কাঢ়ি দুজন বা তিনিজন ধনী লোকক দিছে বুলিও অভিযোগ কৰে।
এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই ৰাহুল গান্ধীয়ে কৰ্ণাটকবাসীক কংগ্ৰেছক সমৰ্থন আগবঢ়াবলৈ আৰু কৰ্ণাটকত ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে যাতে কমেও ১৫০খন আসন লাভ কৰে আৰু সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে, তাৰ বাবে আহ্বান জনায়।
ইফালে দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক বাসৱন্নাৰ বিষয়ে উল্লেখ কৰি গান্ধীয়ে বিদাৰক বাসৱন্নাৰ ‘কৰ্ম ভূমি’ বুলি অভিহিত কৰে। বাসৱন্নায়েই প্ৰথমে গণতন্ত্ৰৰ কথা উল্লেখ কৰাৰ লগতে গণতন্ত্ৰৰ পথ দেখুৱাইছিল বুলি মন্তব্য কৰে।
তেওঁ লগতে বিজেপি আৰু আৰএছএছে সম অংশীদাৰিত্ব, সম সুযোগ, আৰু সকলোৱে একেলগে আগবাঢ়ি যোৱা উচিত বুলি বাসৱন্নাই যি আদৰ্শ দেখুৱাইছিল, সেই আদৰ্শত আক্ৰমণ কৰিছে বুলিও অভিযোগ কৰে।
ৰাজ্যখনত এইবাৰ কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি আশা প্ৰকাশ কৰি গান্ধীয়ে কয় যে দলটোৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে নিৰ্বাচনী প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।
ইফালে প্ৰতিটো বেংক একাউণ্টত ১৫ লাখ টকা জমা কৰা আৰু ক’লা ধনৰ বিৰুদ্ধে যুদ্ধৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মিছা প্ৰতিশ্ৰুতি কংগ্ৰেছে নিদিয়ে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে ক্ষমতালৈ অহাৰ লগে লগে কংগ্ৰেছে প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি মন্তব্য কৰে।
উল্লেখ্য যে, কংগ্ৰেছ দলে এইবাৰ কৰ্ণাটকতচাৰিটা প’ল ‘গেৰাণ্টী’ ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি ক্ষমতালৈ আহিলে ৰাজ্যখনৰ সকলো ঘৰতে ২০০ ইউনিট বিনামূলীয়া বিদ্যুত যোগান, প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক ২০০০ টকা মাহিলী সাহায্য দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।
লগতে ক্ষমতালৈ অহাৰ পিছত প্ৰতিটো বিপিএল পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ১০ কিলোগ্ৰাম বিনামূলীয়া চাউল, দুবছৰৰ বাবে ৰাজ্যখনৰ ১৮-২৫ বছৰ বয়সৰ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলৰ বাবে প্ৰতিমাহে ৩,০০০ আৰু ডিপ্লমাধাৰী যুৱক-যুৱতীসকলৰ বাবে ১৫০০ টকা সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰিছে কংগ্ৰেছে।
লক্ষণীয়ভাৱে, আগন্তুক নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক কংগ্ৰেছে লাভ কৰিছে কিছু বিশেষ শক্তি। নিৰ্বাচনী টিকটক লৈ দলীয় বিবাদৰ পৰিণতিত ৰাজ্যখনৰ শাসকীয় দল বিজেপিৰ কেইবাগৰাকীও নেতাই দল ত্যাগ কৰি যোগ দিছে কংগ্ৰেছ দলত।
এই দলত্যাগী বিজেপি নেতাৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ চেট্টাৰো। এনে পৰিস্থিতিত স্বাভাৱিকতেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচন।