• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত ঘৃণা আৰু হিংসা বিয়পাইহে বিজেপি-আৰএছএছে: অভিযোগ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2023 9:30 pm
Rahul Gandhi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰি দেশত ঘৃণা আৰু হিংসা বিয়পাইছে শাসকীয় বিজেপি আৰু দলটোৰ আদৰ্শগত গুৰু আৰএছএছে। এইবাৰ লণ্ডনৰ ভূমিত নহয়, কৰ্ণাটকৰ ভূমিৰ পৰাই বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ এই অভিযোগ উত্থাপন কৰি আক্ৰমণাত্মক হৈ উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এক দলীয় প্ৰচাৰ সভাত এই মন্তব্য কৰিছে গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীৰ মতে, বিজেপি আৰু আৰএছএছে ভাৰতবৰ্ষত ঘৃণা আৰু হিংসা বিয়পাইছে। তেওঁ লগতে বিজেপিয়ে দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ পৰা ধন কাঢ়ি দুজন বা তিনিজন ধনী লোকক দিছে বুলিও অভিযোগ কৰে।

Apply Now

এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই ৰাহুল গান্ধীয়ে কৰ্ণাটকবাসীক কংগ্ৰেছক সমৰ্থন আগবঢ়াবলৈ আৰু কৰ্ণাটকত ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে যাতে কমেও ১৫০খন আসন লাভ কৰে আৰু সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে, তাৰ বাবে আহ্বান জনায়।

ইফালে দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক বাসৱন্নাৰ বিষয়ে উল্লেখ কৰি গান্ধীয়ে বিদাৰক বাসৱন্নাৰ ‘কৰ্ম ভূমি’ বুলি অভিহিত কৰে। বাসৱন্নায়েই প্ৰথমে গণতন্ত্ৰৰ কথা উল্লেখ কৰাৰ লগতে গণতন্ত্ৰৰ পথ দেখুৱাইছিল বুলি মন্তব্য কৰে।

তেওঁ লগতে বিজেপি আৰু আৰএছএছে সম অংশীদাৰিত্ব, সম সুযোগ, আৰু সকলোৱে একেলগে আগবাঢ়ি যোৱা উচিত বুলি বাসৱন্নাই যি আদৰ্শ দেখুৱাইছিল, সেই আদৰ্শত আক্ৰমণ কৰিছে বুলিও অভিযোগ কৰে।

ৰাজ্যখনত এইবাৰ কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি আশা প্ৰকাশ কৰি গান্ধীয়ে কয় যে দলটোৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে নিৰ্বাচনী প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

ইফালে প্ৰতিটো বেংক একাউণ্টত ১৫ লাখ টকা জমা কৰা আৰু ক’লা ধনৰ বিৰুদ্ধে যুদ্ধৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মিছা প্ৰতিশ্ৰুতি কংগ্ৰেছে নিদিয়ে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে ক্ষমতালৈ অহাৰ লগে লগে কংগ্ৰেছে প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কংগ্ৰেছ দলে এইবাৰ কৰ্ণাটকতচাৰিটা প’ল ‘গেৰাণ্টী’ ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি ক্ষমতালৈ আহিলে ৰাজ্যখনৰ সকলো ঘৰতে ২০০ ইউনিট বিনামূলীয়া বিদ্যুত যোগান, প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক ২০০০ টকা মাহিলী সাহায্য দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।

লগতে ক্ষমতালৈ অহাৰ পিছত প্ৰতিটো বিপিএল পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ১০ কিলোগ্ৰাম বিনামূলীয়া চাউল, দুবছৰৰ বাবে ৰাজ্যখনৰ ১৮-২৫ বছৰ বয়সৰ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলৰ বাবে প্ৰতিমাহে ৩,০০০ আৰু ডিপ্লমাধাৰী যুৱক-যুৱতীসকলৰ বাবে ১৫০০ টকা সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰিছে কংগ্ৰেছে।

লক্ষণীয়ভাৱে, আগন্তুক নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক কংগ্ৰেছে লাভ কৰিছে কিছু বিশেষ শক্তি। নিৰ্বাচনী টিকটক লৈ দলীয় বিবাদৰ পৰিণতিত ৰাজ্যখনৰ শাসকীয় দল বিজেপিৰ কেইবাগৰাকীও নেতাই দল ত্যাগ কৰি যোগ দিছে কংগ্ৰেছ দলত।

এই দলত্যাগী বিজেপি নেতাৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ চেট্টাৰো। এনে পৰিস্থিতিত স্বাভাৱিকতেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd