বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে নতুন ৰাষ্ট্ৰীয় সভাপতি লাভ কৰাৰ সম্ভাৱনা আছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, দলটোৱে নতুন ৰাষ্ট্ৰীয় নেতৃত্বক লৈ নিৰ্বাচনত অৱত্তীৰ্ণ হ’ব খুজিছে।
ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতাসকলে সভাপতি নিৰ্বাচনৰ বাবে ১০০ গৰাকী শীৰ্ষ ব্যক্তিৰ কাষ চাপিছে।সূত্ৰসমূহে জনোৱা মতে, দলৰ প্ৰাক্তন মুৰব্বী আৰু জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে আৰ এছ এছ আৰু বিজেপিৰ সৈতে জড়িত আৰু সাংবিধানিক পদত অধিষ্ঠিত নেতাসকলৰ সৈতে আলোচনা কৰা হৈছে।
সূত্ৰসমূহে পূৰ্বে প্ৰকাশ কৰিছিল যে বিজেপিয়ে বিচাৰে যে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে প্ৰয়োজনত নতুনকৈ নিৰ্বাচিত হোৱা সকলো ৰাজ্যিক নেতৃত্ব স্থাপন কৰা হওক।
দলটোৰ সংবিধানৰ মতে, ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰাৰ পূৰ্বে ইয়াৰ ৩৬টা ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ইউনিটৰ ভিতৰত কমেও ১৯টাত এজন নিৰ্বাচিত মুৰব্বী থাকিব লাগিব।
যোৱা মাহত বিজেপিয়ে ২৮খন ৰাজ্যত এই অনুশীলন সমাপ্ত কৰিছিল।এতিয়া ইউ পি, গুজৰাট, আৰু কৰ্ণাটকৰ বাহিৰে হাৰিয়ানা, দিল্লী, ঝাৰখণ্ড, পঞ্জাৱ, আৰু মণিপুৰ বাকী আছে। পঞ্জাৱত বিজেপিয়ে এজন কৰ্মৰত সভাপতি নিযুক্তি দিছে।
উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰী মাহত নিৰ্বাচিত হোৱা বিজেপিৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তিনি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত দুবাৰকৈ ম্যাদ বৃদ্ধি পাইছে। মণ্ডল প্ৰধান নিৰ্বাচনৰ ক্ষেত্ৰতো একেধৰণৰ দৰ্শন পালন কৰা হৈছে। এই ক্ষেত্ৰত বিজেপিয়ে ৪০ বছৰৰ তলত বয়সৰ সীমা নিৰ্ধাৰণ কৰি পৰৱৰ্তী প্ৰজন্মৰ নেতাক সুযোগ দিয়াৰ সিদ্ধান্ত লৈছে।
জিলা আৰু ৰাজ্যৰ মুৰব্বীসকলৰ বাবে প্ৰাৰ্থীজন কমেও দহ বছৰ বিজেপিৰ সক্ৰিয় সদস্য হ’ব লাগিব। অন্য দলৰ পৰা অহা নেতাই সংগঠনত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ বাবে বিজেপি কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছিল।