অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ : মুমিনুল আৱাল

Muminul Atul

‘অগপৰ স্বৰূপ নীলা শিয়াল, জাতীয়তাবাদী চোলাৰ চিলাই খুলি গৈছে অগপৰ।‘ অসম গণ পৰিষদৰ দলটোক এইদৰে কটাক্ষ কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

উল্লেখযোগ্য যে, ৭৩ নং লেঙেৰী  গাওঁ পঞ্চায়তৰ ঠেঙাল ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰূপ দুৱৰাই কংগ্ৰেছ আৰু অগপৰ সমৰ্থনত ‘টেলিভিশ্বন’ৰ প্ৰতীকত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ এখন ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। তাৰ পাছতেই নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কটু বাক্যবানেৰে পুনৰ অগপক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, নহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে ‘কংগ্ৰেছ-অগপ ভাই ভাই’ বুলি কৰা মন্তব্যৰ উদ্ধৃতি দি আৱালে পুনৰ কয়, ‘সময়ত অগপৰ প্ৰকৃত স্বৰূপটো অসমৰ ৰাইজে দেখা পাব।‘

প্ৰণিধানযোগ্য যে, অগপই বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নকৰাহেঁতেন বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন তথা ভোটসমূহ বিভাজিত নহৈ বিজেপিৰ সমৰ্থনত ভোট আহিছিল বুলি সচেতন মহলত বিষয়টো চৰ্চিত হৈছে। তাৰ বিপৰীতে এই কথা মানি ল’ব নোখোজা আৱালে ‘যাৰ যহতে শাখঁ-সেন্দুৰ তাকে কৰে ভোকোৰা এন্দুৰ’ লেখীয়াকৈ পাহৰিলে অগপৰ উপকাৰৰ কথা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহৎ জনমত গঠন কৰাটোৱেই যেন অসহ্যকৰ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গৰ বাবে।

আৱালৰ মতে ‘অগপ দলটো আনৰ অনুগ্ৰহত চলা দল।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, অগপ দলটোক চৰম অপমানসূচকভাৱে আৱালে আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, ‘’২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে দলটোক তুলি নধৰাহেঁতেন, তেতিয়া তেওঁলোক শ্মশানত থকাৰ দৰেই আছিল। অনথ্যা ২০১৬ চনতে মুখাগ্নি হ’লহেঁতেন অগপৰ।‘’

তেওঁ লগতে অগপৰ অস্তিত্বক একেবাৰে ধুলিসাৎ কৰি কয়, ‘’অগপই নিজে গম পায়, তেওঁলোকৰ ভৰিৰ তলত মাটি কিমান আছে। অগপই দিক্-বিদিক হেৰুৱাই বিজেপিৰ বিৰুদ্ধে কথাবোৰ কৈ আছে।‘’

অৱশ্যে, ‘’অসম গণ পৰিষদ দলৰ প্ৰতি অসমৰ সাধাৰণ জনতাৰ এক আস্থা আৰু বিশ্বাস আছে,‘’ বুলি আমাৰ আগত মন্তব্য কৰি তেওঁ লগতে কয়, ‘’সেই আস্থা আৰু বিশ্বাসক সন্মান জনাই কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাজনৈতিকভাৱে ক্ষতি হ’লেও বা দলৰ কৰ্মীয়ে আঘাত পালেও অগপৰ সৈতে মিত্ৰতা কৰিছিলো।‘’