অগপই মিত্ৰজোঁট ত্যাগ কৰি ওলাই অহাৰ পাছৰ দিনাই প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনাইছিল। সেই একেই প্ৰত্যাহ্বান তেওঁক দিলে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে দীৰ্ঘদিন ধৰি অখিল গগৈক প্ৰত্যাহ্বান জনাই আহিছিল যদিও অখিলক বলে নোৱাৰিলে। কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰ্তমানো সবল স্থিতি গ্ৰহণ কৰি আছে কৃষক নেতাজনে। এইবাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক প্ৰত্যাহ্বান জনোৱাত উঠি-পৰি লাগিল বিজেপিৰ মুখপাত্ৰ আৱাল।
আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক টাৰ্গেট কৰি লয় আৱালে। লগতে মহন্তক বিধায়ক পদ ত্যাগ কৰি পুনৰ নিৰ্বাচন খেলাৰ বাবেও প্ৰত্যাহ্বান জনায়।
‘’প্ৰফুল্ল মহন্তই বিধায়ক পদ ত্যাগ কৰক। বিজেপিৰ ভোটেৰে জয়ী হৈ আহিছিল প্ৰফুল্ল মহন্ত।‘’ সংবামেলত এই মন্তব্য আৱালৰ।
তদুপৰি ‘’পদুমৰ ভোটত জয়ী হৈ উপ-নিৰ্বাচনত হাতীৰ পিঠিত উঠি কেনেকৈ দিচপুৰলৈ আহে চাই ল’ম’’ বুলিও মহন্তৰ প্ৰতি তীৰ্যক বাক্যবান নিক্ষেপ কৰে আৱালে।
ইপিনে, ১৯৮৫ চনৰে পৰাই বঢ়মপুৰ বিধানসভা সমষ্টিত বিধায়ক হৈ অহা আৰু দুবাৰকৈ মুখ্য মন্ত্ৰী হোৱা মহন্তক ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত বঢ়মপুৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ ভোটতহে জয়ী হৈ অহা বুলি দাবী কৰে আৱালে।
‘’অগপ আৰু বিজেপিৰ মিত্ৰতাত প্ৰফুল্ল কুমাৰ মহন্তই ২০১৬ চনত নিৰ্বাচন খেলিছিল। যদি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ নহ’লহেঁতেন তেন্তে তেওঁ ১৫০০০ ৰ অধিক ভোট নাপালেহেঁতেন।‘’ সংবাদমেলত মহন্তক এইদৰে কটাক্ষ কৰে এসময়ৰ সক্ৰিয় অগপ কৰ্মী আৱালে।
ইপিনে, মানচিং ৰংপিৰ আদৰ্শ পালন কৰিবৰ বাবে প্ৰফুল্ল মহন্তক সংবাদমেলযোগে দাবী জনায় আৱালে।
আৱালৰ মতে ‘‘বিজেপি দলৰ বিধায়ক মানসিং ৰংপি প্ৰথমতে কংগ্ৰেছৰ পৰা জয়ী হৈ আকৌ বিজেপিত যোগদান কৰি পুনৰ নিৰ্বাচন খেলি জয়ী হৈ আহিছিল।‘’
প্ৰণিধানযোগ্য যে, ৰাজনীতিৰ পথাৰত বিৰোধী আৰু শাসকপক্ষৰ বাক্যবানৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই যোৱা ৮ জানুৱাৰীৰ দিনা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন ভংগ কৰাৰ বাবে দাবী জনাইছিল।
লগতে প্ৰাক্ নিৰ্বাচনী বুজাবুজিৰ জৰিয়তে গঠন কৰা এই মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা অংশীদাৰ অসম গণ পৰিষদে অংশীদাৰত্ব ছেদ কৰাৰ পাছত নীতিগতভাৱে সেইখন চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই বুলিও মহন্তই মন্তব্য কৰিছিল।