NORTHEAST NOW (Assamese)

বিজেপিত মোক্ষম আঘাত: পদত্যাগ কৰিলে দলৰ মুখপাত্ৰ ফণী পাঠকে

March 13, 2021 5:27 pm · শশাংক তালুকদাৰ
Updated: March 13, 2021 8:43 pm

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত এক মোক্ষম আঘাত।

বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ ফণী পাঠকে আজি দলৰ পৰা পদত্যাগ কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত পাঠকে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখপাত্ৰ ফণী পাঠক টিকটৰ এগৰাকী দাবীদাৰ আছিল।

কিন্তু ফণী পাঠকক বঞ্চিত কৰি পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকহে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

এই কথাতে ক্ষুণ্ণ হৈ আজি ফণী পাঠকে দলৰ পৰা পদত্যাগ কৰে।

আজি অনুষ্ঠিত কৰা এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে দলে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি অৱলম্বন কৰিছে।

সেইবাবেই তেওঁৰ লেখীয়া দলৰ বহু নিষ্ঠাবান কৰ্মীয়ে টিকটৰ পৰা বঞ্চিত হোৱা বুলি পাঠকে আক্ষেপ কৰে।

উল্লেখ্য ২০১১ চনত বিজেপিত যোগদান কৰা ফণী পাঠকে সমষ্টিটোত বহু দিনৰে পৰা সামাজিক কাম কৰি আহিছিল।

সমষ্টিটোত বিজেপি দলৰ জনপ্ৰিয়তা বৃদ্ধিত পাঠকৰ যথেষ্ট অৰিহণা থকা বুলি বহুতে মন্তব্য কৰিছে। বজালী জিলা ঘোষণাৰ ক্ষেত্ৰত ৰঞ্জিত দাসৰ কোনো অৰিহণা নাই বুলিও পাঠকে মন্তব্য কৰে।

Related News