বিজেপিৰ নামো সাঙোৰ খালে গুপ্তহত্যা প্ৰসংগত; হিমন্তইহে দিব পাৰিব গুপ্তহত্যাকাৰীৰ তালিকা : অগপ

অগপৰ সংবাদমেলৰ দৃশ্য।

ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্য্যকালত সংঘটিত কুখ্যাত গুপ্তহত্যাৰ প্ৰসংগত বিজেপিৰ নামো সাঙোৰ খাই পৰিছে। মন কৰিব লগীয়া যে সেই সময়ত কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছিল।

“গুপ্তহত্যা বিজেপিৰ সৃষ্টি। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়ত গুপ্তহত্যাৰ সৃষ্টি কৰা হৈছিল আৰু তেতিয়া অসমত গুপ্তহত্যাৰ আৰম্ভণি হৈছিল।” আজি এখন সংবাদমেলত এইদৰে স্পষ্টকৈ কয় অগপৰ তথ্য আৰু যোগাযোগ সম্পাদক মনোজ শইকীয়াই।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত অগপৰ প্ৰতি সদায়ে আক্ৰমণাত্মক হৈ পৰা বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ অগপ চৰকাৰৰ দিনত হোৱা গুপ্তহত্যাৰ প্ৰসংগ কেইবাবাৰো উত্থাপন কৰিছে।

আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি গুপ্তহত্যাৰ প্ৰসংগত হিমন্তই কৰা মন্তব্যক এইদৰে উভতি ধৰে মনোজ শইকীয়াই।

তেওঁ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে গুপ্তহত্যাৰ লগত কোন জড়িত বা কোন গুপ্তহত্যাকাৰী সেই কথা ভালকৈ জানিব বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ বিজেপিৰ একাংশ নেতাই অসমীয়াৰ ভোটেৰে জয়লাভ কৰা নাই বুলি কৈ এতিয়া অসমীয়া মানুহৰ চোতালে চোতালে ভোট বিচাৰি ঘূৰিব লগীয়া হৈছে বুলিও মন্তব্য কৰে।

লগতে বিজেপিয়ে বৃহস্পতিবাৰে এখন সংবাদমেলত অগপক বিশ্বাসঘাতক আখ্যা দিয়াৰ বিপৰীতে আজি শইকীয়াই বিজেপিয়েহে প্ৰকৃততে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে বুলি মন্তব্য কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ইয়াৰ এটা উদাহৰণ বুলি কয়।

“ভাৰতীয় জনতা পাৰ্টি বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ দল, তেওঁলোকে অফাৰ দিয়া আৰু অফাৰ লোৱা ৰাজনীতিত বিশ্বাস কৰে। তেওঁলোকে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত অফাৰ লৈছিল আৰু যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফক অফাৰ দিছিল”, মনোজ শইকীয়াই কয়।

এ আই ইউ ডি ফৰ লগত বিজেপিৰ গোপন মিত্ৰতা থকাৰ লগতে কংগ্ৰেছৰ লগতো বিজেপিৰ ভাই ভাইৰ সম্পৰ্ক বুলি কটাক্ষ কৰে। ভাই ভাইৰ সম্পৰ্কৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত ৰকিবুল হুছেইনে প্ৰচাৰ চলাবলৈ নাযায় আৰু ৰকিবুল হুছেইনৰ সমষ্টিত হিমন্তই প্ৰচাৰ চলাবলৈ নাযায়। দুয়োটা দল লগ লাগি এতিয়া অগপক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মনোজ শইকীয়াই কয়।

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সমালোচনা কৰি কয়, “সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে শিপা পাহৰি গৈছে। শিপা পাহৰা মানে মাতৃক পাহৰা আৰু দিল্লীৱালাৰ কথাত মাতৃক পাহৰি মাতৃক অপমান কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।”

সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত খুব ভাল ভোট পাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। লগতে পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে সৰ্বাধিক ভোট লাভ কৰাৰ আশা আছে বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে অগপৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি কংগ্ৰেছ আৰু বিজেপিয়ে শংকিত হৈ পৰিছে আৰু সেয়ে দুয়োটা দলৰ আক্ৰমণৰ প্ৰধান লক্ষ্য অগপক কৰি লৈছে বুলি তেওঁ কয়।