NORTHEAST NOW (Assamese)

ক’ত কিমান ভোটত জিকিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী? জ্যোতিষীৰ দৰেই বৰ্ণনা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে

April 30, 2021 3:26 pm · জাহ্নৱী বৰুৱা
Updated: April 30, 2021 3:34 pm

শুক্ৰবাৰে এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জ্যোতিষী ৰূপত অৱতীৰ্ণ হৈ  বিজেপিয়ে কত কিমান খন আসন লাভ কৰিব তাৰ বৰ্ণনা কৰে।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ সম্ভাৱনা থকা আসন সন্দৰ্ভত মন্তব্য কৰি দাসে কয়”বিজেপিৰ শক্তিৰ আধাৰত এইবাৰ নিৰ্বাচনত ৭০খন আসন লাভ কৰিব বিজেপিয়ে, অসম গণ পৰিষদে লাভ কৰিব ৮খন,UPPL য়ে লাভ কৰিব ৫খন।ইয়াকেলৈ মুঠ ৮৩ খন আসন লাভ কৰিব মিত্ৰজোঁটে।”

তাৰে মাজত মুঠ ২১ খন আসনত কিছু আশংকা আছে বুলি তেওঁ জানিবলৈ দিয়ে।হোজাইত প্ৰায় লাখতকৈও অধিক,লামডিঙত ১.৫০হাজাৰ,যোৰহাটত ৭০হাজাৰ,মাজুলীত সমীক্ষাবিহীন ভোটত জয়যুক্ত হ’ব বিজেপিৰ প্ৰাৰ্থী,তিতাবৰত ৫৮ হাজাৰ,শিৱসাগৰত ৫৯ হাজাৰ,ঢকুৱাখনাত ১ লাখ ১০ হাজাৰ,জোনাইত ১ লাখ ২৫ হাজাৰ, হাফলংত ৬৯ হাজাৰ,সৰভোগত ৯৭ হাজাৰ,গোলকগঞ্জত ৯৩ হাজাৰ ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা থকা বুলি  তেওঁ কয়।

সাংবাদিকে কংগ্ৰেছ মহাজোঁটক লৈ সোধা এটি প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে কংগ্ৰেছক কটাক্ষ কৰি কয়” কংগ্ৰেছে নিৰ্বাচন হাৰিব বাবেই নিৰ্বাচনৰ আগে আগে ই ভি এমৰ কথা কৈ ফুৰিছে’।

জিতেন্দ্ৰ সিঙে এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাৰ পাছত হে অসম এৰি যাব বুলি কৰা মন্তব্যক ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে আদৰণি জনায় আৰু  সিঙক  শুভকামনা শুভ কামনাও জ্ঞাপন কৰে।

ইপিনে লক্ষ্যণীয় ভাবে নিজে প্ৰতিদ্বন্দ্বিতা কৰা পাটাচাৰকুছি সমষ্টিত কিমান ভোটত তেওঁ জয়ী হ’ব সেই বিষয়ত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে মৌনতা অৱলম্বন কৰে।

আনকি বিজেপিয়ে সাংবাদিকৰ হাতত তুলি দিয়া সাম্ভাৱ্য বিজয়ী প্ৰাৰ্থীৰ তালিকাতো পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে লাভ কৰিবলগীয়া ভোটত সংখ্যাৰ ঘৰটো উকা ৰখা হৈছে।

জালুকবাৰী আৰু মাজুলী সমষ্টিৰ ক্ষেত্ৰতো বিজেপিয়ে লাভ কৰিবলগীয়া ভোটৰ সংখ্যাৰ ঘৰটো উকা ৰখা হৈছে।

Related News