NORTHEAST NOW (Assamese)

জনীয়াবাসীয়ে সুবৰ্ণ সুযোগ হেৰুৱালে : বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

October 25, 2019 8:20 am · পুলেন্দ্র দাস
Updated: October 25, 2019 9:31 am
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো

ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যিক বিজেপিৰ  সভাপতি ৰঞ্জিত দাসে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, অসমত বিজেপি দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু বিশ্বাস আছে তাৰবাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টি বিজেপি দলে লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ কয় ৷

নিৰ্বাচনী ফলাফল সন্দৰ্ভত তেওঁ পুনৰ কয় যে, ৰঙাপাৰা, ৰাতাবাৰী আৰু সোণাৰি সমষ্টি বিজেপি দলে লাভ কৰিব বুলি বিজেপি দল নিশ্চিত আছিল ৷

জনীয়া সমষ্টিত দলটো পৰাজিত হলেও পূৰ্বতকৈ এইবাৰ দলটোৱে বেছি ভোট লাভ কৰা বুলিও তেওঁ কয়৷

জনীয়া সমষ্টিৰ ফলাফল সন্দৰ্ভত তেওঁ কয় যে, জনীয়াবাসীয়ে এইবাৰ সুবৰ্ণ সুযোগ হেৰুৱালে ৷

জনীয়াত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমান জয়ী হলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইবোৰ পূৰণ কৰাত খুউব সহজ হ’লহেতেন বুলি তেওঁ কয় ৷

ইপিনে কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে, কংগ্ৰেছৰ নেতাৰ ওপৰত কংগ্ৰেছ কৰ্মীসকলৰ বিশ্বাস নাইকীয়া হৈ আহিছে ৷

কংগ্ৰেছৰ নেতাসকলে কৰ্মী সকলক যি বিশ্বাস দিব লাগিছিল সেই বিশ্বাস দিয়াত নেতাসকল চূড়ান্তভাবে ব্যৰ্থ হোৱা বাবে দলটোৰ ফলাফল শোচনীয় হোৱা বুলি তেওঁ কয় ৷

ৰাজ্যত বিজেপি দলটোৱে চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি লাভ কৰা বাবে দলটোৰ নেতা, কৰ্মী আৰু ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷

Related News