• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনা ৰোধৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ শিৱসাগৰ জিলা প্ৰশাসনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 25, 2019 8:14 am
IMG-20191025-WA0002

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ অধ্যক্ষতাত বৃহস্পতিবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়।

সভাত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিব লগীয়া পথ সুৰক্ষামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।

Apply Now

উপায়ুক্তই এন এইচ আই ডি চি এল (NHIDCL) -ক ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে সহজতে দৃশ্যমান হোৱাকৈ পথ সতৰ্কতা মূলক চিহ্ন লগাবলৈ আৰু দুৰ্ঘটনা প্ৰৱল স্থান সমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি জিলা পৰিবহন বিষয়াক পথ সুৰক্ষা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, অহা ২৫ অক্টোবৰৰ পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন অঞ্চলত পথ সুৰক্ষাৰ নিয়মাৱলী সম্পৰ্কে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। গাড়ীচালক সকলক ট্ৰেফিক নিয়মাৱলী পালন কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰিবলৈ কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ জিলা পৰিবহন বিষয়াক দায়িত্ব দিয়া হয়।

সভাত আৰক্ষী, পৰিবহন, এন এইচ আই ডি চি এল, গড়কাপ্তানী পথ আদি বিভাগৰ বিষয়ববীয়া সকলক লৈ এখন সমিতি গঠন কৰা হয়। এই সমিতি খনে ৰাষ্ট্ৰীয় ঘাইপথ নিৰীক্ষণ কৰি পথ দুৰ্ঘটনা হ্রাসৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰি এক প্ৰতিবেদন দাখিল কৰিব।

জিলা উপায়ুক্তই মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, স্কাউট আৰু গাইড, চি আৰ পি এফ, চি এই এছ এফ আদিক পথ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়।

সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া চিকিৎসালয় সমূহত দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰিব লগীয়া প্ৰয়োজনীয় সকলো চিকিৎসা ব্যৱস্থা আৰু সা-সুবিধা মজুত ৰখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ উপৰি জিলাৰ প্ৰতিখন মহাবিদ্যালয়ৰে ছাত্র-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে একোজনকৈ পথ সুৰক্ষা বিষয়া নিয়োজিত কৰাৰ পোষকতা কৰে। এনেধৰণৰ কাৰ্যসূচীত ছাত্র-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলকো জড়িত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে।

ধাবা আৰু পেট্ৰল পাম্প সমূহত CCTV সংস্থাপন কৰাটো বাধ্যতামূলক কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত চি আই এছ এফৰ ডি আই জি পি এন ঠাকুৰ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ কমাণ্ডিং বিষয়া জে ভী টুছিং,  জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকা আৰু ভালেসংখ্যক মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd