NORTHEAST NOW (Assamese)

২০২১ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব: বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

September 14, 2020 8:36 am · নিখিল মুন্দ্ৰা
হোজাইত দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো: নৰ্থইষ্ট নাও

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে হোজাইত কয় যে ৰাজ্যখনত ২০২১ত বিজেপিয়েই চৰকাৰ গঠন কৰিব।

যুগল কিশোৰ কেডিয়া স্মৃতি ভৱনত অনুষ্ঠিত হোজাই জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন কাৰ্যৱাহী সভাত যোগদান কৰাৰ বাবে হোজাইত উপস্থিত হৈছিল ৰঞ্জিত দাস।

সংবাদ মাধ্যমৰ আগত দাসে কয়,’’ৰাজ্যখনত দুই কোটি ভোটাৰ আছে আৰু যদি ইয়াৰে ৭৫শতাংশ ভোটাৰে ভোটদান সাৱ্যস্ত কৰে তেতিয়া ১.৫কোটি ভোট হ’ব।‘’

‘’আমাৰ ৪২লাখ স্বেচ্ছাসেৱক আছে আৰু আমাৰ স্বেচ্ছাসেৱকসকলে যদি তেওঁলোকৰ আত্মীয় তথা বন্ধুসকলক আমাৰ পক্ষত আনিব পাৰে তেতিয়াহ’লে ইয়াৰ অনুপাত দ্বিগুণ অৰ্থাৎ ৮৪লাখ হ’ব,’’-তেওঁ কয়।

‘’৮৪লাখ লোকৰ ভোট কোনো বাধা নোহোৱাকৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ যথেষ্ট,’’-তেওঁ লগতে কয়।

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতা সম্পৰ্কত ক’বলৈ গৈ দাসে কয়,’’যদি কংগ্ৰেছ আৰু এআইয়ুডিএফ একেলগ হয় তেতিয়া আমাৰ বাবে সুবিধা হ’ব।’’

‘’মিত্ৰতাৰ বাবে তেওঁলোকে আনকি তেওঁলোক ক্ষমতাত থকা সেই সমষ্টিবোৰো হেৰুৱাব,’’-তেওঁ লগতে কয়।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ বিধায়কসকলক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্বে দলে এক সমীক্ষা চলাব আৰু যদি সমীক্ষাৰ প্ৰতিবেদন সন্তোষজনক হয় তেতিয়াহে তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰিব।

Related News