NORTHEAST NOW (Assamese)

ভয়াৱহ কোভিড পৰিস্থিতিত মুখ্যমন্ত্ৰীলৈ ১২ টা পৰামৰ্শৰে অসম জাতীয় পৰিষদৰ স্মাৰকপত্ৰ

May 15, 2021 4:16 pm · জাহ্নৱী বৰুৱা

কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ AJP য়ে আজি এখন  স্মাৰক পত্ৰ প্ৰদান কৰে।

ৰাজ্যৰ মুখ্য সচিবৰ হাতত প্ৰদান কৰে এই পত্ৰ।

শনিবাৰে কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ AJP ৰ হৈ স্মাৰক পত্ৰ প্ৰদান কৰে।ৰাজ্যৰ মুখ্য সচিবৰ হাতত এই পত্ৰ প্ৰদান কৰে ছমসেৰ সিং আৰু জিয়াউৰ ৰহমানে।

ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত সজাক সচেতনতাৰ পৰিচয় দি অসম জাতীয় পৰিষদে ১২ টাকৈ পৰামৰ্শ মুখ্যমন্ত্ৰী লৈ আগ বঢ়ায়।

পৰামৰ্শ কেইটা ক্ৰমে-
১.প্ৰত্যেকজন নাগৰিকক যাতে ভেকচিনেচন লাভ কৰে।ইয়াত যেন কোনো ধৰণৰ পাৰ্থক্য নকৰে।

২. ভেকচিনেচনৰ বাবে অফলাইন ৰেজিছট্ৰেশ্যনৰ ব্যৱস্থা উপলদ্ধ হ’ব লাগে।

৩.জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ ব্যাপক সজাগতা অভিযান পাতিবলৈ আহ্বান।

৪.ৰাইজক সজাগ সচেতনৰ নিয়ম সমূহ বুজাবলৈ গাঁও আৰু টাউনৰ ৱাৰ্ড লেভেলত এটা কোভিড কেয়াৰ মণিটৰিং চেণ্টাৰ লাগে।

৫.ভেকচিনেচন বা অনান্য ঔষধ সমূহ ঘৰতে পোৱাৰ ব্যৱস্থা কৰিব লাগে।

৬.শিশু আৰু জ্যেষ্ঠ নাগৰিক সকলক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা কৰিব লাগে।

৭.ব্যক্তিগত চিকিৎসালয় সমূহত কোভিড ৰোগীৰ চিকিৎসাৰ ব্যয় কমাই লবলৈ আহ্বান।

৮.দৈনন্দিন কাম কৰা লোকসকলক এই চেমি লকডাউনৰ সময়ত কিছু পৰিমাণৰ আৰ্থিক সাহায্য দিবলৈ আহ্বান।

৯.চৰকাৰী বা অৰ্ধ চৰকাৰী অনুষ্ঠানকো   নিজৰ খৰচ কমকৈ কৰিবলৈ আহ্বান ,যাতে এই টকা ভেকচিনেচন প্ৰগ্ৰেমত বা কোভিডসৃষ্ট পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰা যায়।

১০.খেতিয়ক সকলৰ বস্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে তেখেতসকলে উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য পায়।

১১.চিনিয়ৰ বিষয়া বা মন্ত্ৰী এম এল এ সকলে তেওঁলোকৰ ফালৰ পৰা কিছু বৰঙণি আগবঢ়াব লাগে।

১২.প্ৰতিটো অঞ্চলতে টেষ্টিং আৰু স্ক্ৰিনিং চেণ্টাৰৰ ব্যৱস্থা কৰিব লাগে।

Related News