মেঘালয় বিজেপিত মোক্ষম আঘাত : ৩ নেতাৰ দলত্যাগ

BJP

প্ৰতিনিধিত্বমূলক ছবি

আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকি থকাৰ সময়তে মেঘালয় বিজেপিত এক মোক্ষম আঘাত পৰিছে। দেওবাৰে ৰাজ্যখনৰ পূব গাৰো পাহাৰ জিলাৰ ৩ গৰাকী নেতাই দলীয় কৰ্মী আৰু সমৰ্থকসহ বিজেপিৰ পৰা ওলাই যায়।

দলটোৱে প্ৰাৰ্থী ঘোষণা কৰাত বিলম্ব কৰি থকা তথা টুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ প্ৰতিবাদত জিলাখনৰ ৱিলিয়ামনগৰৰ উক্ত নেতা কেইগৰাকীয়ে পদত্যাগ কৰে। পদত্যাগ কৰা নেতাকেইজন হৈছে মণ্ডল কমিটিৰ সভাপতি কুলেন চাংমা, মহিলা মৰ্চা সভাপতি ছেৰ’লা চাংমা আৰু যুৱ মৰ্চাৰ সভাপতি চাৰ্লছ চাংমা।

তেওঁলোকে দলৰ পূব গাৰো পাহাৰ জিলাৰ সভাপতিৰ হাতত আন কৰ্মী আৰু সমৰ্থকসহ পতদ্যাগ পত্ৰ দাখিল কৰে।

আনহাতে বিজেপিয়ে ‘ভ্ৰষ্টাচাৰী, লুভীয়া আৰু আত্ম-কেন্দ্ৰীক এন পি পি’ৰ প্ৰতি সমৰ্থন আগবঢ়াই অহা কাৰ্যই তেওঁলোকক ক্ষুব্ধ কৰি তুলিছে বুলি পদত্যাগী নেতাকেইজনে মন্তব্য কৰে।