NORTHEAST NOW (Assamese)

পুনৰ বিজেপিৰ দখললৈ ৰাতাবাৰী; সমষ্টিবাসীক ধন্যবাদ বিজয় মালাকৰৰ

October 24, 2019 7:42 pm · অনিৰুদ্ধ লস্কৰ
Updated: October 24, 2019 7:56 pm
বিজয় মালাকাৰ

ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি প্ৰাৰ্থী বিজয় মালাকৰ বিজয়ী হৈছে।

বৃহস্পতিবাৰে হোৱা ভোট গণনাত বিজেপি প্ৰাৰ্থী মালাকৰে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী কেশৱ প্ৰসাদ ৰাজাকক ২৪,০০১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ভোট গণনা অনুসৰি ৰাতাবাৰী সমষ্টিত বিজেপিয়ে ৬৮,৪৫৫ টা, কংগ্ৰেছে ৪৪,৪৫৪ টা, এছ য়ু চি আই ৯৪৪ টা আৰু নিৰ্দলীয়ই ৬৬০ টা ভোট লাভ কৰে। ১২১৭ টা ভোট নোটাত পৰে।

ৰাতাবাৰী বিধানসভা সমষ্টিটো বিগত মে মাহত কৃপানাথ মাল্লা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছৰে পৰা খালী হৈ আছিল।

আনহাতে, ফলাফল ঘোষণাৰ পাছতে বিজয় মালাকৰে তেওঁ ২৫,০০০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি আত্মবিশ্বাসী হৈ আছিল বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

‘‘মই সমষ্টিৰ ৫০ শতাংশ অঞ্চললৈ যাব পৰা নাছিলো তথাপি তেওঁলোকে মোক ভোট দিছে। তেওঁলোকক মই চিৰদিন মনত ৰাখিম’’ মালাকৰে কয়।

তদুপৰি, চাহ বাগানৰ ভোট লাভ কৰিব বুলি নিশ্চিত হৈ থকা বিজেপি প্ৰাৰ্থীগৰাকীয়ে ১৫ শতাংশতকৈ অধিক সংখ্যালঘুৰ ভোট লাভ কৰি আচৰিত হৈছে বুলি বুলি মন্তব্য কৰে।

Related News