পঞ্চায়তত ‘গেৰুৱা’ হ’ল কামৰূপ মহানগৰ জিলা!

Assam-gram-panchayat-election

পঞ্চায়ত নিৰ্বাচনৰ দুটা দিনৰ ভোট গণনাৰ অন্তত সম্পূৰ্ণ ৰূপে ঘোষিত হ’ল কামৰূপ মহানগৰ জিলাৰ ফলাফল। সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনতো গেৰুৱা দলে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সম্পূৰ্ণ গণনাৰ অন্তত সন্ধিয়া কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়াই জিলাখনৰ ৬ জিলা পৰিষদৰ সদস্য, ২১ টা গাঁও পঞ্চায়ত সভাপতি, ২১ টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ২১০ টা ৱাৰ্ড মেম্বাৰ পদৰ ফলাফল সদৰী কৰে।

ফলাফল অনুসৰি সৰ্বাধিক পদতে ভাৰতীয় জনতা পাৰ্টিয়ে বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে জিলাখনত অসম গণ পৰিষদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অৱস্থা অতি শোচনীয় দেখা যায়।

কামৰূপ মহানগৰ জিলাৰ আটাইকেইটা জিলা পৰিষদৰ সদস্য পদেই বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হয়।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ১৬ টাত বিজেপি, ৪ টাত কংগ্ৰেছ আৰু মাত্ৰ এটা পঞ্চায়তত অগপ প্ৰাৰ্থী বিজয়ী হয়।

গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বিজেপিয়ে লাভ কৰে ১৭ টা, কংগ্ৰেছে ৩ টা আৰু অগপই এখন আসন লাভ কৰে।

একেদৰে ৱাৰ্ড মেম্বাৰৰ ১৩৪ টাত বিজেপি, ৪৬ টাত কংগ্ৰেছ আৰু অগপ মাত্ৰ ২০ টাত সীমাবদ্ধ থাকে। দুটা মেম্বাৰ পদ লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলাখনত বিজেপিৰ দুগৰাকী আৰু কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থীয়ে ৱাৰ্ড মেম্বাৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।

আনহাতে ডিগাৰু আৰু বৰখাট গাঁও পঞ্চায়তৰ প্ৰত্যেকতে এটাকৈ ৱাৰ্ড মেম্বাৰ পদত কোনো প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। উল্লেখযোগ্য যে এই পদ দুটা অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু সেই বিশেষ বৰ্গৰ কোনো অৰ্হতাসম্পন্ন প্ৰাৰ্থী তাত ওলোৱা নাছিল।

জিলাখনত জিলাপৰিষদৰ সদস্য পদত ১৯ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৫৬ গৰাকী, গাঁও পঞ্চায়তৰ সভাপতি পদত ৭২ গৰাকী আৰু ৱাৰ্ড মেম্বাৰ পদত ৫৮৯ গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

ইপিনে জিলাখনৰ সামগ্ৰিক ফলাফলৰ পৰা দেখা গৈছে যে দিচপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত বিজেপিয়ে অতি সুন্দৰফল লাভ কৰিছে। তাৰ বিপৰীতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিত থকা পঞ্চায়তত অগপৰ ফলাফল দলটোৰ বাবে সন্তোষজনক নহয়।