দেশৰ জনসাধাৰণৰ বিজেপিলৈ নমো, বিৰোধীক স্বাহা

narendra-modi-during-road-show_4cd252d0-0219-11e7-b1f1-d4c6cd13dfb1-960x500

ফটো : ইন্টাৰনেটৰ সৌজন্যত

লোকসভা নিৰ্বাচনৰ ফলাফলৰ ধাৰাই দেশত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন বিজেপি চৰকাৰ গঠন হোৱা নিশ্চিত কৰাৰ লগতে বিৰোধী দলসমূহৰ শোচনীয় স্থিতি উদঙাই দিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনী ফলাফল ঘোষণাত বিলম্ব হ’লেও ফলাফলৰ শেহতীয়া স্থিতিয়ে বিজেপিৰ নিৰংকুশ বিজয় নিশ্চিত কৰিছে।

বিজেপি নেতৃত্বাধীন এন ডি এই মুঠ ৫৪২ খন আসনৰ প্ৰায় ৩৪৯ খন আসনত অগ্ৰগতি লাভ কৰি বিজয়ৰ দিশে আগবাঢ়িছে। ইয়াৰ ভিতৰত বিজেপিয়ে অকলেই ১৬২খন আসনত জয়লাভ কৰিছে আৰু ১৪১ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে বিজেপিয়ে অকলশৰে ৩০৩ খন আসনত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

আনহাতে, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে এতিয়ালৈকে ৩১খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ২১ খন আসনত অগ্ৰগতি লাভ কৰি মুঠতে মাত্ৰ ৫২খন আসনত বিজয়ৰ দিশত অগ্ৰসৰ হৈছে। বাকী দলবোৰে পোৱা আসনৰ সংখ্যা তেনেই নগন্য।

অসমত বিজেপিয়ে ৯খন আসনত, কংগ্ৰেছে ৩খনত, এআইয়ুডিএফে ১খন আৰু নিৰ্দলীয়ই ১খন আসনত বিজয়ৰ দিশে আগবাঢ়িছে। ইয়াৰ ভিতৰত ডিব্ৰুগড় আৰু কৰিমগঞ্জ সমষ্টিৰ ফলাফল নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

বিজেপিৰ এই অভূতপূৰ্ব উত্থান তথা বিজয়ৰ ধাৰাই পুনৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে। আনহাতে, এই নিৰ্বাচনত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ প্ৰায় ধূলিস্যাৎ হোৱাৰ লেখীয়া হৈ পৰিল।

দেশৰ জনসাধাৰণে এইবাৰ অধিকাংশ ৰাজনৈতিক বিশ্লেষক তথা পণ্ডিতৰ ভৱিষ্যৎবাণী মষিমূৰ কৰি নৰেন্দ্ৰ মোদীকে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰায়দান কৰিলে। আনহাতে, বিজেপিৰ বিৰোধিতাৰে নিৰ্বাচনত নমা বিৰোধীপক্ষক সম্পূৰ্ণ নস্যাৎ কৰি সংবাদ মাধ্যমত চৰ্চিত হৈ থকা সকলোবোৰ ইচ্ছ্যুক অন্ত:সাৰশূন্য কৰি তুলিলে।