NORTHEAST NOW (Assamese)

মনীষ চিছ’দিয়াক মুখ্যমন্ত্ৰী পদেৰে প্ৰলোভিত কৰি আপ চৰকাৰ ভঙাৰ চেষ্টা কৰিছে বিজেপিয়ে! অভিযোগ আপ মুখপাত্ৰৰ

August 24, 2022 1:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 24, 2022 1:49 pm

মহাৰাষ্ট্ৰত শিৱ সেনা নেতৃত্বাধীন চৰকাৰৰ পতন ঘটোৱাৰ দৰেই দিল্লীৰ আপ চৰকাৰকো উফৰুৱাৰ চেষ্টা চলাইছে বিজেপিয়ে আৰু এই উদ্দেশ্যক সাকাৰ ৰূপ দিবলৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’ডিয়াক মুখ্যমন্ত্ৰী পদৰ লোভ দেখুৱাইছে দলটোৱে!

আপ নেতা মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযানক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপৰ বিধায়ক তথা মুখপাত্ৰ সৌৰভ ভৰদ্বাজে।

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি সৌৰভ ভৰদ্বাজে কয় যে বিজেপিয়ে দিল্লীতো অপাৰেচন ল’টাছ অভিযান চলাবলৈ চেষ্টা কৰিছিল আৰু এই উদ্দেশ্যে আপৰ শক্তিশালী নেতা মনীষ চিছ’দিয়াক লক্ষ্য কৰি লৈছিল।

“আবকাৰী নীতিত অনিয়মৰ অভিযোগ তুলি প্ৰথমে চিবিআইক ব্যৱহাৰ কৰি আমাক ভাবুকি দিয়া হৈছিল আৰু ৩১ টা স্থানত অভিযান চলোৱা হৈছিল। কিন্তু যেতিয়া তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰিব নোৱাৰিলে, তেওঁলোকে চিছ’দিয়াক মুখ্যমন্ত্ৰী পদ আগবঢ়াই প্ৰলোভিত কৰে।”- সংবাদমেলত ভৰদ্বাজে কয়।

আপে কেতিয়াও দিল্লীত অপাৰেচন ল’টাছক সফল হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰি সৌৰভ ভৰদ্বাজে বিজেপিয়ে আপৰ বিধায়কসকলক উপঢৌকন হিচাপে ৫ কোটি টকা আগবঢ়োৱাৰ এটা ভিডিঅ’ও শীঘ্ৰেই দেখুওৱা হ’ব বুলি দাবী কৰে।

উল্লেখ্য যে সোমবাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’ডিয়াইও বিজেপিয়ে এক মেছেজ যোগে তেওঁক আপ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি দাবী কৰিছিল।

লগতে আপ ত্যাগ কৰিলেই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ বন্ধ কৰা হ’ব বুলিও মেছেজযোগে বিজেপিয়ে তেওঁলৈ প্ৰস্তাৱ আগবঢ়োৱা বুলি অভিযোগ কৰিছিল চিছ’দিয়াই।

Related News