বিজেপিৰ নিৰ্বাচনী আচৰণ বিধি ভংগ : চিপিআই(এম)ৰ অভিযোগ দাখিল

সমাগত লোকসভা নিৰ্বাচনৰ জাননী প্ৰকাশ আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে অসমৰ শাসক বিজেপি দলে চৰকাৰী নীতি-নিয়ম ভংগ আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ  কৰিছে।

কালি ৪ এপ্ৰিলত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে স্বাক্ষৰ আৰু প্ৰেৰণ কৰা অভিযোগ-পত্ৰত বিজেপিৰ বিৰুদ্ধে সুনিৰ্দিষ্ট অভিযোগ উত্থাপন কৰি কোৱা হয়, ৰাজ্যৰ শাসক বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়তে ৰাজ্যত আৰ্থ-সামাজিক সমীক্ষা চলোৱাৰ নামত ভোটাৰ ৰাইজৰ মাজত ব্যাপক হাৰত এখন প্ৰপত্ৰ বিতৰণ কৰিছে।

প্ৰপত্ৰখন পূৰণ কৰিলেই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে প্ৰপত্ৰত উল্লেখ কৰা হৈছে যে “এয়া ‘ডাবল ইঞ্জিন চৰকাৰৰ গেৰান্টি”। আনকি প্ৰপত্ৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোও প্ৰদৰ্শন কৰা হৈছে।

শাসক বিজেপি দলে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ভোটাৰ সকলক প্ৰলোভিত কৰাৰ এয়া নিকৃষ্ট কৌশল বুলি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে। লগতে বিজেপি দলৰ এই প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ তথা আগন্তুক নিৰ্বাচনটোত সকলো দলৰ প্ৰচাৰৰ বাবে সমতল ক্ষেত্ৰ প্ৰস্তুত কৰি সুস্থ আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনোৱা হৈছে।