NORTHEAST NOW (Assamese)

২০২১-ত বিজেপিক উৎখাত কৰা হ’ব, বিশেষকৈ উজনি অসমত বিজেপি একেবাৰে নাথাকে : শৃংখল চলিহা

January 7, 2020 5:07 pm · কল্পজ্যোতি শইকীয়া
Updated: January 7, 2020 5:28 pm

CAA-বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাই আজি এক প্ৰকাৰৰ হুংকাৰ দি কয় যে ২০২১-ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰা হ’ব। বিশেষকৈ উজনি অসমত বিজেপি একেবাৰে নাথাকে বুলি তেওঁৰ দাবী।

যোৱা ৩০ ডিচেম্বৰৰ পৰা বৰপেটা কাৰাগাৰত দিন পাৰ কৰা চলিহাক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাবৰ বাবে গুৱাহাটীলৈ অনা হয়। আদালতে তেওঁক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই সংবাদ মাধ্যমক উদ্দেশ্যি বীৰ লাচিত সেনাৰ নেতাজনে কয়, “সংগ্ৰাম চলি থাকিব। বিজেপিৰ বিৰুদ্ধে, CAA-ৰ বিৰুদ্ধে এই সংগ্ৰাম ২০২১-লৈকে চলিব”।

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত চলিহাক পুনৰ বৰপেটা জেললৈ নিয়া হয়।

অহা ৯ জানুৱাৰিত উচ্চ ন্যায়ালয়ত চলিহাৰ জামিনৰ বাবে শুনানি হ’ব বুলি জনালে চলিহাৰ অধিবক্তাই।

CAA-বিৰোধী আন্দোলনৰ মাজতে কেইবাটাও অভিযোগত ২৩ ডিচেম্বৰত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

২৪ ডিচেম্বৰত চি আই ডিয়ে তেওঁক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও দুদিনৰ বাবেহে জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল।

শৃংখল চলিহাৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ৰ অধীনত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

Related News