বাঙালীৰ ওপৰত ধাৰাবাহিক হাৰাশাস্তি বন্ধ নকৰিলে বিজেপিয়ে ফল ভুগিব লাগিব : বাঙালী জনমুক্তি বাহিনী

liberation force of Bengali

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ দ্বিতীয় খচৰাত নিজৰ আৰু পৰিয়ালৰ সদস্যৰ নাম নথকাৰ বাবে বাক্সা জিলাৰ তামুলপুৰৰ ডিমিলাপাৰাৰ যুৱক বিনয় চন্দই (৩২) হতাশাগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে যুদ্ধবিৰতিত থকা বাঙালী জনমুক্তি বাহিনীয়ে।

আজি গোসাইগাঁও সদৰ চহৰস্থিত সাগৰ হোটেলত আয়োজন কৰা এক সংবাদমেল যোগে সংগঠটোৰ সভাপতি আৰু মুখ্য সেনাধ্যক্ষ ক্ৰমে ৰঞ্জন সৰকাৰ আৰু কমল পালে উক্ত শোকাৱহ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিনয় চন্দৰ লগত ভাৰতীয় নাগৰিকৰ সকলো তথ্য-পাতি থকাৰ পিছতো নাগৰিক পঞ্জীত তেওঁৰ নাম অন্তৰ্ভুক্ত নোহোৱাটো এন আৰ চি কৰ্তৃপক্ষৰ চূড়ান্ত বৈষম্যমূলক আচৰণৰ উদাহৰণ।

বিনয় চন্দৰ আত্মহত্যাৰ বাতৰিৰ বাবে তলৰ লিংক পঢ়ক

বাগচাত বিদেশী ন্যায়াধিকৰণৰ গোচৰে যুৱকক প্ৰৰোচিত কৰিলে আত্মহত্যা কৰিবলৈ

এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নেত্বাদ্বয়ে আৰু কয় যে প্ৰকৃত ভাৰতীয় হোৱা স্বত্বেও অসমত বসৱাস কৰা হিন্দু বাঙালী সকলক নাগৰিকত্বৰ প্ৰমান দিবলৈ বাৰে বাৰে ৰাজ্য চৰকাৰ তথা কিছু উগ্ৰ জাতিয়তাবাদী সংগঠনে ষড়যন্ত্ৰমূলক ভাৱে হাৰাশাস্তি কৰি আহিছে।

মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ নিৰীহ যুৱকজনে আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁলোকে অসমৰ সীমান্ত আৰক্ষী আৰু এন আৰ চি কৰ্তৃপক্ষৰ অযথা হাৰাশাস্তিৰ বাবে ইতিমধ্যে চাৰিজনকৈ প্ৰকৃত ভাৰতীয় হিন্দু বাঙালীয়ে আত্মহত্যা কৰিবলগীয়া হৈছে বুলি প্ৰকাশ কৰে।

বাঙলাভাষী সকলৰ বিৰুদ্ধে এয়া এক দীৰ্ঘম্যাদী চক্ৰান্ত বুলি অভিযোগ কৰি জনমুক্তি বাহিনীৰ নেতাদ্বয়ে হিন্দু বাঙালীৰ ওপৰত ধাৰাবাহিক হাৰাশাস্তি বন্ধ নকৰিলে অনাগত নিৰ্বাচনত বিজেপি দলে ইয়াৰ ফল ভুগিব লাগিব বুলি সকীয়াই দিয়ে।