• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাগচাত বিদেশী ন্যায়াধিকৰণৰ গোচৰে যুৱকক প্ৰৰোচিত কৰিলে আত্মহত্যা কৰিবলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 10:13 pm
Binoy_Chand

আত্মহত্যা কৰা বিনয় চন্দৰ ঘৰত শোকাৰ্ত আত্মীয় আৰু স্থানীয় লোক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা হৃদয়বিদাৰক ঘটনাত আজি বাগচা জিলাৰ তামুলপুৰ গাৱঁৰ এজন যুৱকে নিজৰ প্ৰিয়তমা পত্নী আৰু মাত্ৰ ২০ দিনীয়া কেঁচুৱা সন্তানক এৰি আত্মহত্যাৰ পথ বাচি লয়। ৩২ বছৰীয়া এই যুৱকজনৰ নাম বিনয় চন্দ। এই কথা জানি যিকোনো মানুহৰ চকুলো সৰিব যে শনিবাৰে সন্ধিয়াৰ ভাগত আত্মহত্যাৰ পূৰ্বে বিনয়ে শহুৰেকৰ ঘৰলৈ গৈ তাত মাকৰ সৈতে থকা নিজৰ ২০ বছৰীয়া কেঁচুৱাটোক কোলাত লৈ মৰম কৰিছিল আৰু নিজৰ পত্নীৰ হাতত ১০০ টকা তুলি দি আহিছিল। তাৰ পিছত খুলশালীয়েকে তেওঁক নিজৰ ঘৰত নমাই থৈ গৈছিল। কিন্তু আজি পুৱা তেওঁৰ মৃতদেহ প্ৰতিৱেশীসকলে ঘৰৰ কাষৰে এজোপা গছত ওলমি থকা দেখা পায়।

দুৰ্ভাগ্যজনকভাৱে বিনয়ৰ আত্মহত্যাৰ কাৰণটো হৈছে চৰকাৰে বিদেশী চিনাক্তকৰণৰ বাবে গঠন কৰি দিয়া বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ। মাকক ডি ভোটাৰ বুলি চিনাক্ত কৰি বিদেশী ন্যায়াধিকৰণে চলোৱা গোচৰটোত আ-অলংকাৰ বিক্ৰী কৰি সৰ্বস্বান্ত হৈছিল দিন হাজিৰা কৰি খোৱা বিনয় চন্দ।

Apply Now

তামুলপুৰৰ পৰা দীপক কুমাৰ পাঠক :

তামুলপুৰৰ ডিমিলাপাৰৰ বিনয় চন্দ নামৰ ব্যক্তিজনে আজি পুৱতি নিশা আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ বাবে হতাশাগ্ৰস্ত হৈ বত্ৰিছ বছৰীয়া এই যুৱকজনে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

বিনয় চন্দৰ মাতৃ শান্তি চন্দৰ নামত বিদেশী ন্যায়াধিকৰণত এটা গোচৰ আজিৰ পৰা এবছৰ আগৰ পৰা চলি আছিল। স্থানীয় লোকে জনোৱা মতে, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিনয় চন্দে তামুলপুৰস্থিত বিদেশী ন্যায়াধিকৰণ আদালত তাঁত-বাতি কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। প্ৰকৃত ভাৰতীয় নাগৰিক হৈও সন্দেহযুক্ত নাগৰিকৰ গোচৰত পৰি আৰু গোচৰৰ নিষ্পত্তি নোহোৱা বাবে মানসিক আৰু অৰ্থনৈতিকভাৱে ভাঙি পৰিছিল বিনয়।

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাতো পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নোহোৱা বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া কথাটো হ’ল, বিনয় চন্দৰ মাতৃৰ নামত ১৯৬৪ চনৰ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে। কিন্তু শেহতীয়াকৈ শৰণাৰ্থীৰ প্ৰমাণপত্ৰক এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নথি হিচাপে অগ্ৰাহ্য কৰিবলৈ প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিয়া বুলি সংবাদ মাধ্যমৰ যোগে ৰাইজে জানিব পাৰিছে। এইবোৰ কাৰণতো অতি হতাশ হৈ পৰিছিল বিনয় আৰু তেওঁৰ পৰিয়ালটো।

আনহাতে ১৯৬৪ চনৰে শৰণাৰ্থীৰ পিছতো বিদেশী ন্যায়াধিকৰণ আদালতে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ বাক্সা জিলা সমিতিয়ে। সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি অধীৰ আৰ্য্য স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিতত প্ৰকাশ যে বিদেশী ন্যায়াধিকৰণে প্ৰকৃত ভাৰতীয় হোৱাৰ নথি-পত্ৰ থকাৰ পিছতো পৰিয়ালটোক বিদেশী সজাই হাৰাশাস্তি কৰিছিল।

ইফালে গোচৰটো চলাই থকা বিনয়ৰ অধিবক্তাই তেওঁলোকৰ গোচৰটোত জয়ৰ সম্ভাৱনা খুব কম আছে আৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব পাৰে বুলি কোৱাৰ পিছতে তেওঁ আত্মহত্যাৰ পথ বাছি লয় বুলি সংগঠনটোৱে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিনয় চন্দৰ ককায়েকৰ নামতো ডি ভোটাৰৰ গোচৰ চলিছিল বিদেশী ন্যায়াধিকৰণত। কিন্তু একেখিনি নথি-পত্ৰকে দেখুৱাই সেই গোচৰৰ পৰা ৰেহাই পাইছিল ককায়েকে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তামুলপুৰ থানাত ন্যায়াধিকৰণ আদালতত চলা গোচৰৰ বাবেই আত্মহত্যা কৰা বুলি  এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে আত্মহত্যাৰ তদন্ত কৰি থকা বুলি জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd