বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

বিটিচিত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা

a amit

বিজেপিয়ে বড়ো জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিব।

এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

আজি কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয় যে দেশৰ এটা উল্লেখযোগ্য জনগোষ্ঠী হিচাবে বড়ো জনগোষ্ঠীয়ে স্বীকৃতি পাইছে।

বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে বিজেপিৰ চৰকাৰ দায়ৱদ্ধ বুলি তেওঁ মন্তব্য কৰে।

শ্বাহে কয় যে বড়োলেণ্ডত বড়ো আৰু অনা-বড়োৰ মাজত সংগাতৰ সৃষ্টি কৰিবলৈ এটা প্ৰতিক্ৰিয়াশীল চক্ৰই অহৰহ চেষ্টা চলাই গৈছে।সেই চক্ৰটোক আজিৰ এই বিশাল ৰেলীয়ে এক ভাল শিক্ষা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে সকলো ধৰণৰ অসূয়া-অপ্ৰীতি পৰিহাৰ কৰি আজিৰ সমাৰোহত বড়ো,অনা-বড়ো উভয় সম্প্ৰদায়ৰ লোকেই অংশগ্ৰহণ কৰিছে।

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি অমিত শ্বাহে কয় যে কংগ্ৰেছৰ আমোলত বড়োভূমিকে ধৰি সমগ্ৰ অসমতে তেজৰ নৈ বৈ গৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উগ্ৰপন্থী সমস্যা সমাধান কৰি শান্তিৰ পৰিবেশ ঘূৰাই অনা বুলি তেওঁ কয়।

মোদীৰ প্ৰচেষ্টাতে ৮ টাকৈ উগ্ৰপন্থী সংগঠনৰ ৭০০ ৰো অধিক সদস্যই অস্ত্ৰ সম্বৰণ কৰা বুলিও তেওঁ কয়।

বিটিচিত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে ৫০০ কোটি টকা মোকলাই দিয়া বুলিও অমিত শ্বাহে মন্তব্য কৰে।

জনকল্যাণকামী কামৰ বাবেই অসমৰ ৰাইজে ৰাজ্য খনত পুনৰ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব বুলিও শ্বাহে তেওঁৰ ভাষণত দৃঢ়তাৰে কয়।