NORTHEAST NOW (Assamese)

এশ আসনত জিকিম; কা-বিৰোধিতা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত

February 23, 2020 9:26 pm · অভীক চক্ৰবৰ্তী
Updated: February 23, 2020 9:30 pm
সংকল্প সমাৰোহত ভাষণৰত অৱস্থাত হিমন্ত বিশ্ব শৰ্মা। সৌজন্য-- টুইটাৰ।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ডিবৰুগড়ত বিজেপিৰ “সংকল্প সমাৰোহ”ত কয় যে নাগৰিকত্ব সংশোধন আইন ২০১৯ বিৰোধিতা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

কা-বিৰোধিতাত কিছুমান সংগঠনে চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে ’২১ত বিজেপিয়ে এশখন আসন দখল কৰিব।

‘‘কা-বিৰোধী প্ৰতিবাদকাৰীয়ে বিজেপি কৰ্মীসকলক পঞ্চায়ত আৰু দল এৰিবলৈ জোৰ কৰিছিল যাতে তেওঁলোকে ক্ষমতা দখল কৰিব পাৰে। ই প্ৰমাণ কৰে যে কা-বিৰোধী প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত,” শৰ্মাই কয়।

“কা-বিৰোধী প্ৰতিবাদকাৰীয়ে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিছিল। ই আমাৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। একাংশ লোকে অসমত অস্থিৰতাৰ সৃষ্টি কৰিব খুজিছে।”

চৰকাৰবিৰোধী অপপ্ৰচাৰৰ বিপৰীতে ’২১ৰ নিৰ্বাচনত বিজেপিয়ে অসমত এশ আসন দখল কৰিব বুলি দাবী কৰি মন্ত্ৰী শৰ্মাই কয় যে ৰাইজ উন্নয়নৰ লগত আছে।

কা-বিৰোধী আন্দোলনৰ পিছত শাসক দলটোৱে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশাল সমাৰোহৰ জনসমাগমে তেওঁক শিহৰিত কৰি তোলা বুলি শৰ্মাই মন্তব্য কৰে।

“এই সমাৰোহ বিজেপি-অগপ মিত্ৰজোঁটৰ এক বিশাল সমাৱেশ আৰু সভাত বিশালসংখ্যক উপস্থিতি দেখি শিহৰিত হৈছো,” মন্ত্ৰী শৰ্মাই কয়।


শৰ্মাই লগতে কয় যে এই সমাৰোহৰ পৰাই দলৰ সকলোৱে ’২১ত বিজেপিৰ চৰকাৰ কৰিবলৈ সংকল্প গ্ৰহণ কৰা উচিত।

লগতে পঢ়ক–  কোনো বাংলাদেশী নাহে, ক’তো খিলঞ্জীয়াৰ মাটি নাযায়: মুখ্য মন্ত্ৰী সোণোৱাল

সমাৱেশখনত সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ আৰু যোৰহাটৰ সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু তপন গগৈ আৰু উজনিৰ কেউজন বিজেপি বিধায়ক উপস্থিত আছিল।

মিত্ৰদল বিজেপিৰ দুই নেতা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তও সমাৱেশত উপস্থিত আছিল।

কা-বিৰোধী ব্যাপক প্ৰতিবাদৰ পিছত খনিকৰৰ “সংকল্প সমাৰোহ”এই হৈছে উজনিত শাসক দলটোৰ প্ৰথমখন বিশাল সমাৱেশ।

Related News