শাকেৰে মাছ ঢকাৰ চেষ্টা: বিজ্ঞাপনৰ চমকেৰে হতাশা গোপন কৰাৰ প্ৰয়াস বিজেপিৰ!

ভোট বন্দী হৈ আছে ইভিএমত, তথাপি বিজেপিয়ে কিদৰে গম পালে নিশ্চিত জয়ৰ কথা?

BJP Ad(2)

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কেই ঘণ্টামানৰ পিছতে বিজেপিয়ে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত অতি কৌশলী ভাবে প্ৰকাশ কৰা এটা বিজ্ঞাপনে এতিয়া বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিজেপিয়ে প্ৰকাশ কৰা বিয়াগোম বিজ্ঞাপনটোত স্পষ্ট ভাবে কোৱা হৈছে—‘বিজেপিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ মাজত বিপুল উৎসাহ।উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’।

পাঠকেে প্ৰথম দৃষ্টিত বিজ্ঞাপনৰ সলনি এটা সাধাৰণ শীৰ্ষ সংবাদ বুলি ভাবিবলৈ বাধ্য হোৱা এই বিজ্ঞাপনেৰে বিজেপিয়ে সাধাৰণ ভোটাৰৰ লগতে পাঠক সকলকো বিভ্ৰান্ত কৰিব বিচৰা বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

কালি ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৭ শতাংশৰো অধিক ভোটদান হোৱাৰ কথাই ভোটদানৰ প্ৰতি যে সাধাৰণ ভোটাৰৰ আগ্ৰহ  বাঢ়িছে সেই কথা প্ৰমাণ কৰিলে।

কিন্তু বিজেপিয়ে উজনিৰ আটাইকেইটা সমষ্টিতে জয় নিশ্চিত বুলি কিদৰে জানিলে সেয়াহে বহুতৰে বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে।

যদি উজনিৰ আটাইকেইটা সমষ্টিতে জয় নিশ্চিত বুলি বিজেপিয়ে ধাৰণা কৰি ল’বই পাৰিছে তেন্তে সেই কথা আকৌ নতুনকৈ ৰাইজক কৌশলী বিজ্ঞাপন প্ৰকাশ কৰি জনাবলগীয়া হ’ল কিয়?

বিজেপিৰ এনে শাকেৰে মাছ ঢাকিব বিচৰাৰ কৌশলে এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে।

কালি সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণৰ পিছত ইভিএম সমূহ নিয়ম অনুসৰি ষ্ট্ৰং ৰূমত ৰখা হ’ল।

সেয়ে কোন সমষ্টিত কোন ভোটাৰে কোন দলৰ প্ৰাৰ্থীক ভোট দিলে সেয়া জনাৰ সাধ্য কাৰোৰেই নাই।

ইমানৰ পিছতেো বিজেপিয়ে কি তথ্যৰ ভিত্তিত উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি প্ৰচাৰ চলালে বাৰু।

এনে প্ৰচাৰৰ জৰিয়তে উজনিত গেৰুৱা দলটোৰ প্ৰতি সমষ্টি বিশেষে আহি পৰা অনিশ্চয়তাকেই ঢাকি ৰখাৰ চেষ্টা চলালে নেকি দলটোৱে?এই প্ৰশ্ন এতিয়া বহুতৰে মুখে মুখে।

নে এনে কৌশলী প্ৰচাৰৰ জৰিয়তে বিজেপিয়ে আহি থকা আন দুটা পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰক প্ৰভাৱাম্বিত কৰাৰ চেষ্টা চলাইছে?

উল্লেখ্য উজনিত এইবাৰ দুটাকৈ নৱ গঠিত ৰাজনৈতিক দল আৰু কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই গেৰুৱা দলটোৰ ৰাজনৈতিক অংকত বহু পৰিমাণে আউল লগাব পাৰে বুলি বিভিন্ মহলত আলোচনা হৈছে।

সেয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীকে ধৰি দলটোৰ বাঘা বাঘা নেতাসকলে বাৰে বাৰে অসমলৈ আহি প্ৰচাৰ চলোৱা দেখা গৈছিল।

২০১৬ৰ বিধানসভা  নিৰ্বাচনৰ সময়ত অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল যিমান বাৰ আহিছিল তাতকৈ বহু বেছি বাৰ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে  আহিছে।

এনেবোৰ ঘটনাক্ৰমে উজনিত যে বিজেপিয়ে ভোট হেৰুওৱাৰ আশংকাত ভুগিছিল সেয়া স্পষ্ট কৰি দিয়া বুলি বহুতে আলোচনা কৰিছে।