উজনিত থৰক-বৰক বিজেপিৰ ভেটি; গৃহসমষ্টি সোণাৰিতে গৌৰৱ গগৈতকৈ কম ভোট পালে তপন গগৈয়ে

যোৰহাট লোকসভা সমষ্টিত এক বৃহৎ জয় সাব্যস্ত কৰি ইতিহাস ৰচিলে গৌৰৱ গগৈ-এ৷যোৰহাট লোকসভা সমষ্টিত সৰ্বমুঠ ৭লাখ৫১হাজাৰ৭৭১টা ভোট লাভ কৰি গৌৰৱ গগৈয়ে বিজেপিৰ তপন কুমাৰ গগৈক পৰাস্ত কৰে৷দুয়োজনৰ মাজত ভোটৰ প্ৰভেদ আছিল ১৪৪৩৯৩টা ভোট৷কিন্তু যোৰহাট লোকসভা সমষ্টিৰ ফলাফলে বিজেপিৰ উজনি অসমৰ গুৰুত্বপূৰ্ণ ১০ টা বিধানসভা সমষ্টিত ভেটি খহাৰ কথা দিশটো উন্মোচিত হৈছে৷বিশেষকৈ তপন কুমাৰ গগৈ সংসদীয় ৰাজনীতিলৈ অহাৰ পূৰ্বে আছিল সোণাৰি সমষ্টিৰ বিধায়ক,সোণাৰি সমষ্টিত গগৈয়ে প্ৰয়াত শৰৎ বৰকটকীৰ বিৰুদ্ধে জয়লাভ কৰিছিল৷কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈয়ে নিজৰ গৃহসমষ্টিতে গৌৰৱ গগৈৰ তুলনাত কম ভোট লাভ কৰি গণভিত্তি হেৰুৱাৰ বিষয়টো সুস্পষ্ট কৰি দিয়ে৷এজন আহোম নেতা হিচাপে উজনিত বৰ্জস্ব থকা তপন কুমাৰ গগৈৰ এই পতনৰ কাৰণ হিচাপে ৰাজনৈতিক বিশ্লেষকসকলে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা দুৰ্বল স্থিতিকেই চিহ্নিত কৰিছে৷এসময়ত তপন কুমাৰ গগৈৰ দুৰ্গ হিচাপে খ্যাত সোণাৰি বিধানসভাত গৌৰৱ গগৈয়ে ৭১৬০৩টা ভোট লাভ কৰাৰ বিপৰীতে তপন কুমাৰ গগৈয়ে ৬১২৬৯টা ভোট লাভ কৰে৷

যোৰহাট লোকসভাত বিধানসভাৰ আসন অনুযায়ী লাভ কৰা ভোটৰ পৰিমাণ তলত উল্লেখ কৰা হ’লঃ-