প্ৰতাপী মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কঠোৰ হ’ল নিৰ্বাচন আয়োগ : ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা

শাসকীয় বিজেপি দলৰ বাবে মোক্ষম আঘাত।

ক্ষমতাৰ বলত বলীয়ান হৈ গুৰু গোসাঁই নমনা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হ’ল নিৰ্বাচন আয়োগ।

হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে।

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ বাবে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে প্ৰতাপী বিজেপি মন্ত্ৰীগৰাকী।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰত নিক্ষেপ কৰাৰ ভাবুকি দিছিল।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল মিত্ৰজোঁটক নেতৃত্ব দিয়া কংগ্ৰেছ দলে।

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰতাপী মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ কোকৰাঝাৰত অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাটোত জড়িত থকাৰ অভিযোগ তোলাই নহয়  বিটিআৰত পুনৰ সশস্ত্ৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ বাথাক প্ৰৰোচিত কৰাৰ অভিযোগ তুলি নিৰ্বাচনৰ পিছতে NIAৰ দ্বাৰা হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰোৱাই কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল।

মন্ত্ৰীগৰাকীয়ে ভাবুকি প্ৰদান কৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এই সম্পৰ্কত স্পষ্টীকৰণ বিচাৰিছিল।

ৰাজ্যিক নিৰ্বাচন বিষয়াৰ যোগেদি লাভ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণত আশ্বস্ত  নহৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচন আয়োগে।

এই নিষেধাজ্ঞাৰ ফলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান একপ্ৰকাৰ সমাপ্তি ঘটিল বুলিয়ে ক’ব পাৰি। কিয়নো ৬ মে’ৰ অন্তিম পৰ্যায় ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বেই নিৰ্বাচনী আচৰণ বিধি অনুসৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব।