বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা : কংগ্ৰেছ মিত্ৰজোটলৈ ২১৬, অসমত কংগ্ৰেছক ৭ খন আসন!

Loksabha election: Who will be the winner in Assam's Nagaon constituency?

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ভাৰতীয় জনতা পাৰ্টিৰ আভ্যন্তৰীণ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে দলটোৰ টোপনি হৰণ হোৱা আশ্চৰ্য্যজনক ফলাফল।

তথ্যৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বিজেপিৰ আভ্যন্তৰীণ প্ৰাক্ লোকসভা নিৰ্বাচনৰ সমীক্ষাই কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহক ২১৬ খন আসন দিয়াৰ বিপৰীতে বিজেপি আৰু সহযোগীৰ আসনৰ সংখ্যা সীমিত কৰিছে ১৮২ খনত। সমীক্ষাত প্ৰকাশ পোৱা মতে বিজেপিয়ে অকলে মাত্ৰ ১৫০ খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ব।

নাগপুৰ টু দ্যেত প্ৰকাশ পোৱা অনুসৰি গেৰুৱা দলটোৰ সমীক্ষাত অসমৰ ১৪ খন আসনৰ ভিতৰত কংগ্ৰেছে ৭ খন আসন লাভ কৰাৰ লগতে চুবুৰীয়ে মেঘালয় আৰু অৰুণাচলৰ সৰ্বমুঠ চাৰিখন আসনৰ দুখন দখল কৰিব।

আনহাতে, দলটোৰ সমীক্ষাই অসমত নিজকে ৪ খন আসন আৰু এখন আসন অগপ, এ আই য়ু ডি এফ আৰু নিৰ্দলীয় দলক দিছে। ত্ৰিপুৰাত বিজেপিয়ে দুয়োখন আসন দখল কৰিব।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দল আৰু সংগঠনে নিৰ্বাচনী সমীক্ষা চলাইছে যদিও ইয়াৰ ভিতৰত বিজেপি আৰু আৰ এছ এছে চলোৱা সমীক্ষাটো উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে।