• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 7, 2023 10:12 am
ৰাহুল গান্ধী আৰু বিজেপিৰ সাংসদ নৰনভাই ভিখাভাই কছাড়িয়া। ফটো: সংগ্ৰহীত।

ৰাহুল গান্ধী আৰু বিজেপিৰ সাংসদ নৰনভাই ভিখাভাই কছাড়িয়া। ফটো: সংগ্ৰহীত।

253
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিৰ মলিনতাত একেটা কাৰ্যৰে দুই ভিন্ন পৰিণতি! এপিনে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ লগে লগে বজ্ৰ গতিৰে সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়। কিন্তু গুজৰাটৰ এজন বিজেপি সাংসদৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

২০১৬ চনৰ ১৩ এপ্ৰিলত আমৰেলিৰ পৰা বিজেপিৰ সাংসদ নাৰানভাই ভিখাভাই কছাৰিয়াক স্থানীয় আদালতে তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।১৬ দিনৰ পাছত তেওঁ দোষী সাব্যস্ত হোৱা সন্দৰ্ভত স্থগিতাদেশ লাভ কৰে। কিন্তু তেতিয়া অধ্যক্ষ সুমিত্ৰা মহাজনৰ কাৰ্যালয়ে আমৰেলিৰ বিজেপি সাংসদগৰাকীক ‘অযোগ্য’ কৰাৰ কোনো চেষ্টা নকৰিলে।

লগতে পঢ়ক: চিবিআইৰ ৰোষত মোডীৰ শাসনত ভাৰতৰ আৰ্থিক বৈষম্যৰ প্ৰতিবেদন দিয়া অক্সফাম!

কেৱল সেয়াই নহয়, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত আমৰেলিৰ পৰা পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৬৮ বছৰীয়া নাৰানভাই ভিখাভাই কাছাড়িয়া। গুজৰাটৰ পাটিদাৰ সম্প্ৰদায় তথা কৃষক নেতা কাছাড়িয়াই ২০০৯ চনৰ পৰা সংসদীয় নিৰ্বাচনত জয়লাভ কৰি আহিছে।

কিন্তু মানহানিৰ গোচৰত দুবছৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ এদিন পিছতে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা হয়। যিহেতু তেওঁ দুবছৰৰ কাৰাদণ্ড লাভ কৰিছে, সেয়েহে তেওঁক সাংসদ হিচাপে অপসাৰণৰ সূচনা স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হৈছে।

মঙলবাৰে লোকসভা কংগ্ৰেছৰ নেতা অধিৰঞ্জন চৌধুৰীয়ে অধ্যক্ষ ওম বিৰলালৈ পত্ৰ লিখি কাছাড়িয়াৰ গোচৰৰ উদ্ধৃতি দি ৰাহুলৰ অযোগ্য ঘোষণা সন্দৰ্ভত আলোচনা বিচাৰিছিল।

লগতে পঢ়ক:কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

চৰকাৰী চিকিৎসালয়ত কৰ্তব্যৰত দলিত চিকিৎসকক আক্ৰমণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হয় কছাড়িয়া। আদালতে তেওঁক এই শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। আমৰেলিৰ সাংসদগৰাকীয়ে প্ৰথমে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু, গুজৰাট উচ্চ ন্যায়ালয়ে কাছাড়িয়াৰ শাস্তি স্থগিত ৰাখে।

তেওঁৰ দোষী সাব্যস্ত হোৱাৰ পিছতো তেওঁক নিলম্বন কৰা হোৱা নাছিল। ইয়াৰ পিছত কাছাড়িয়াক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰিব লাগিছিল। কিন্তু, কৰা নহ’ল। অৱশেষত ২০১৬ চনৰ ২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়লৈ গৈ সকাহ পালে কাছাড়িয়াই।

লগতে পঢ়ক: জাপানৰ টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত

২০১৬ চনত গুজৰাটৰ সাংসদ কাছাড়িয়াক অযোগ্য ঘোষণা কৰা অধিসূচনা জাৰি কৰাত পলম হোৱা বুলি স্বীকাৰ কৰিছে লোকসভা সচিবালয়ে। কিন্তু গুজৰাটৰ কংগ্ৰেছ নেতাসকলে দোষী সাব্যস্ত হোৱাৰ পিছত কাছাড়িয়াক অযোগ্য ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, অধ্যক্ষ সুমিত্ৰা মহাজন আৰু নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। কিন্তু, তাতো একো নহ’ল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd