• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ আসন ৮৬ লৈ হ্ৰাস, ৰাজ্যসভাত সংখ্যালঘু হৈ পৰিল শাসকীয় মিত্ৰজোঁট এন ডি এ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 18, 2024 8:42 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত বিজেপিৰ আসন হ্ৰাস পাইছে। ফলত শাসকীয় মিত্ৰজোঁট এন ডি এয়ে সংসদৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে। এনে পৰিস্থিতিত বিজেপিক গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ এন ডি এ শিবিৰৰ বাহিৰত বন্ধুত্বপূৰ্ণ দলৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে।

অৱশ্যে অহা কেইমাহমানৰ ভিতৰত কেইবাখনো ৰাজ্যৰ বহুকেইখন ৰাজ্যসভাৰ আসনত নতুন সদস্য নিৰ্বাচিত হ’ব। এন ডি এয়ে তাত আসন সংখ্যা বৃদ্ধি কৰাৰ সুযোগ পাব।

যোৱা শনিবাৰে ৰাজ্যসভাত ৰাকেশ সিনহা, ৰাম শকাল, সোনাল মানসিং আৰু মহেশ জেঠমালানীয়ে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰে। শাসকীয় বিজেপিৰ পৰামৰ্শমতে এই চাৰিজনক ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে নিযুক্তি দিছিল ৰাষ্ট্ৰপতিয়ে। চাৰিজন ব্যক্তিৰ ম্যাদ উকলি যোৱাৰ লগে লগে সেই চাৰিখন আসন খালী হৈ পৰিল।

ৰাজ্যসভাত বিজেপিৰ সদস্য সংখ্যা ৮৬ লৈ হ্ৰাস পাইছে। ২৪৫খন আসনৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ বৰ্তমান কোনো দল বা মিত্ৰজোঁটৰ ১১৩ জন সদস্যৰ প্ৰয়োজন। এতিয়া এন ডি এৰ সদস্য সংখ্যা ১০১জন, সংখ্যাগৰিষ্ঠতাৰ বাবে ১২খন আসন কম।

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ গাডচিৰ’লিত আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ১২ জন মাওবাদী

আনহাতে, বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ৰাজ্যসভাত ৮৭ জন সদস্য আছে। কংগ্ৰেছৰ আছে ২৬খন আসন। তৃণমূলত আছে ১৩ খন আসন। আৰ আপ আৰু ডি এম কেত আছে ১০খনকৈ আসন। কিন্তু ইয়াৰ বাহিৰেও কেইবাটাও দল আছে, যিবোৰ এন ডি এ বা ‘ইণ্ডিয়া’ মিত্ৰতাৰ অংশ নহয়।

অন্ধ্ৰ প্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছৰ ১১ জন, এডিএমকেৰ ৪ জন, বিজেডিৰ ৯ জন সাংসদ আছে। এই দলসমূহে বিগত সময়ত বিজেপিক কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাত সহায় কৰিছে। অৱশ্যে শেহতীয়াকৈ ওড়িশা বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত নবীন পাটনায়কৰ দল বিজেডিয়ে কয় যে ৰাজ্যসভাত তেওঁলোকে বিজেপিক আৰু সমৰ্থন নকৰে। সেই ক্ষেত্ৰত ৰাজ্যসভাত এই ‘নিৰপেক্ষ’ দলসমূহৰ গুৰুত্ব বাঢ়িব বুলি আশা কৰা হৈছে।

বৰ্তমান ৰাজ্যসভাত ২০খন আসন খালী হৈ আছে। ইয়াৰে এই বছৰত ১১খন আসনত নিৰ্বাচন হোৱাৰ কথা। এই তালিকাত মহাৰাষ্ট্ৰ, বিহাৰ, অসমৰ দুখনকৈ ৰাজ্যসভাৰ আসন আৰু হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, ত্ৰিপুৰাৰ এখনকৈ ৰাজ্যসভাৰ আসন আছে।

বিধানসভাত শক্তিৰ হিচাপত এন ডি এৰ এই আসনসমূহৰ ভিতৰত ৭খন আসন লাভ কৰাৰ সৰ্বোচ্চ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰতো এন ডি এয়ে অতিৰিক্ত দুখন আসন লাভ কৰিব পাৰে। সেই ক্ষেত্ৰত এন ডি এয়ে মনোনীত সদস্যৰ সমৰ্থনত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এন ডি এ শিবিৰটোৱে ৱাই এছ আৰ কংগ্ৰেছৰ সমৰ্থন লাভ কৰিবলৈও আশাবাদী।

লগতে পঢ়কঃউপনিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱাতো কংগ্ৰেছৰ মুৰ্খামী : অখিল গগৈ

তেলেংগানাৰ ৰাজ্যসভাৰ এখন আসনৰ বাবেও নিৰ্বাচন হোৱাৰ কথা। বিধানসভাত শক্তিৰ হিচাপত শাসকীয় কংগ্ৰেছে ইয়াত জয়ী হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যসভাত যদি শক্তি বৃদ্ধি কৰিব পাৰে তেন্তে কংগ্ৰেছে নিম্নসদন লোকসভাৰ লগতে উচ্চ সদনতো বিৰোধী দলৰ নেতাৰ পদটো দাবী কৰিব পাৰে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd