ৰিপুণ বৰাক উভটি ধৰিলে ৰঞ্জিত দাসে

Ranjit-Das

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ দাসে৷

bjpstandwithassam ট্ৰেণ্ডে টুইটাৰত খলকনি লগোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি জনে৷

কংগ্ৰেছেটো ইমান দিনে ৰিপৰ্ট কাৰ্ড বিচৰাই নাই৷ আমাৰ ৰিপৰ্ট কাৰ্ড এশ শতাংশই শুদ্ধ বুলি উল্লেখ কৰি দাসে কয় “২০২১ত কংগ্ৰেছে জানিব বিজেপিৰ ৰিপৰ্ট কাৰ্ড কি ৷  কংগ্ৰেছে দেখোন এই পৰ্যন্ত বিচৰাই নাই ৰিপৰ্ট কাৰ্ড ৷ আমাৰ ৰিপৰ্ট কাৰ্ড এশ শতাংশই শুদ্ধ ৷”

ইপিনে দাসে ৰিপৰ্ট কাৰ্ড অনুসৰি বিজেপিৰ ৯৫ শতাংশৰে ৰিপৰ্ট কাৰ্ড ভাল বুলি কোৱাৰ লগতে  কংগ্ৰেছ, এআইডিইউএফৰ মাত্ৰ ১০ জনৰহে ৰিপৰ্ট কাৰ্ড ভাল বুলি কয় ৷

ইপিনে ৰিপৰ্ট কাৰ্ডৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই বুলি জানিব দিয়ে সভাপতি জনে৷

ইপিনে টুইটাৰত খলকনি লগাইছে #bjpstandwithassam টুইটে। দিনটোৰ অধিকাংশ সময়ত ১ নম্বৰ স্থানত আছিল এই ট্ৰেণ্ডটো৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰনজিৎ দাসে কয় “অসমৰ ৰাজনৈতিক ইতিহাসত এয়া প্ৰথম৷ অসমৰ বিষয়কলৈ দেশৰ ভিতৰত এনেকৈ ট্ৰেণ্ড হোৱা এইটো প্ৰথমটো টুইট৷ এই ট্ৰেণ্ডে প্ৰমান কৰিছে বিজেপিৰ জনপ্ৰিয়তা”৷

“টুইটাৰৰ ট্ৰেণ্ডিংত আমি দিনটোৰ  ১ ঘন্টাতকৈ অধিক সময় প্ৰথম স্থানত৷ সেৱাই সংগঠন আমাৰ যি মন্ত্ৰ, সেই মন্ত্ৰৰ ফলতে ট্ৰেণ্ডিংত আহিছে” দাসে লগতে কয়৷

ইপিনে টুইটাৰৰ এই ট্ৰেণ্ডিঙৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ লগতে অসমৰ ৰাইজক ধন্যবাদ জনায় বিজেপিৰ সভাপতি জনে৷