লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মোহময়ী অভিনেত্ৰী ৰূপা গাংগুলীয়ে শনিবাৰে অসমৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৰূপা গাংগুলীয়ে হেলিকপ্টাৰযোগে লামডিঙত উপস্থিত হৈ ১০নং নগাঁও লোক সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলায়।
বাঙালী অধ্যুষিত লামডিঙত হাজাৰ হাজাৰ সমৰ্থকৰ সন্মুখত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক দলে বলে ভোট দান কৰি বিজয়ী কৰিবলৈ গাংগুলীয়ে আহ্বান জনায়।
অসমত বসবাস কৰা বাঙালী লোকসকল পশ্চিম বংগতকৈ বহু সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কঠোৰভাৱে সমালোচনা কৰে। মমতাই পশ্চিম বংগতেই নহয়, ভাৰতৰ কোনো ৰাজ্যতে স্থান নাপাব বুলি উল্লেখ কৰি ‘দিদি’য়ে মমতা হেৰুৱাইছে বুলি কয়।
ইপিনে, অসমত বসবাস কৰা বাঙালীসকল অসুৰক্ষিত বুলি মমতাই পশ্চিম বংগত অপপ্ৰচাৰ তলোৱাৰ অভিযোগ তুলি ৰূপা গাংগুলীয়ে অসমত বাঙালী লোকসকল বহুত সুৰক্ষিত অৱস্থাত থকা বুলি মন্তব্য কৰে।
তেওঁ কয় যে আকৌ এবাৰ মোদী চৰকাৰ গঠনৰ ক্ষেত্ৰত বাঙালীসকলৰ ভূমিকা আছে। সেইবাবে সকলোকে বিজেপিক ভোট দিবলৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ আহ্বান জনায়।
আনহাতে, লামডিঙৰ পাছতে হেলিকপ্টাৰযোগে বৰাকলৈ প্ৰচাৰ চলাবলৈ যায় অভিনেত্ৰীগৰাকীয়ে। বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰূপা গাংগুলীয়ে কয়, ‘’মোৰ দেউতা ঢাকাৰ আৰু মা বৰিশালৰ। মোৰ জন্ম কলকাতাত। মই উদ্বাস্তু বাঙালী। পশ্চিম বংগত এইবাৰ মমতাৰ নাম-গোন্ধ নোহোৱা হৈছে। সকলোতে বিজেপিৰ জোৱাৰ।‘’
কেন্দ্ৰত চৰকাৰ আমাৰেই হ’ব বুলি উল্লেখ কৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা পূৰ্বতকৈ বহু উন্নত হৈছে আৰু বিজেপিৰ প্ৰাৰ্থীক জিকালে আৰু বহু উন্নতি হ’ব। জিলাখনৰ পাঁচ ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পশ্চিমবংগতো এন আৰ চি ৰূপায়ন কৰা হ’ব বুলি মন্তব্য কৰে।